বঙাইগাঁৱৰ বোৱাৰীক হাৰিয়ানালৈ পলুৱাই নি গ্ৰেপ্তাৰ হ'ল ফেচবুক ফ্ৰেণ্ড - assam police
বঙাইগাঁৱৰ বোৱাৰীক হাৰিয়ানালৈ পলুৱাই নিলে ফেচবুক ফ্ৰেণ্ডে । হাৰিয়ানাৰ পৰা বঙাইগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিলে বোৱাৰীগৰাকীক । প্ৰেমিকক গ্ৰেপ্তাৰ ।
বঙাইগাঁও,18জুনঃ ফেচবুকে ধ্বংস কৰিলে এখন সংসাৰ ৷ ফেচবুকত চিনাকী হৈ প্ৰথমে বাৰ্তালাপ আৰু পাচত জীৱন সংগী হ'বলৈ প্ৰেমিকৰ সৈতে হাৰিয়ানা পালেগৈ অসমৰ এগৰাকী বিবাহিত মহিলা ৷ অসমৰ বঙাইগাঁৱৰ বোৱাৰীক ফেচবুক ফ্ৰেণ্ডে পলুৱাই নিলে হাৰিয়ানালৈ । প্ৰায় আঢ়ৈ মাহৰ পিছত আৰক্ষীয়ে উদ্ধাৰ কৰিলে বঙাইগাঁৱৰ বোৱাৰীগৰাকীক । ৩৮ বছৰীয়া ফেচবুক ফ্ৰেণ্ড যোগেন্দ্ৰ ওৰফে টোনী বাৰ্মাক আটক কৰিছে আৰক্ষীয়ে । বৰ্তমান দুয়ো বঙাইগাঁও সদৰ থানাৰ আলহী । উল্লেখ্য যে, যোৱা ২৯ মাৰ্চত নিৰুদ্দেশ হৈছিল এটা সন্তানৰ মাতৃ বোৱাৰীগৰাকী । পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিও বোৱাৰীগৰাকীৰ সন্ধান পোৱা নাছিল । শেষত পৰিয়ালৰ ফালৰ পৰা ১৩ এপ্ৰিলত বঙাইগাঁও থানাত দিয়া হৈছিল বোৱাৰীগৰাকী নিৰুদ্দেশ হোৱাৰ এখন এজাহাৰ । সেইমতে আৰক্ষীয়ে পঞ্জীয়ন কৰে ২৩৬/২০১৯ নম্বৰৰ এক অপহৰণৰ গোচৰ । অৱশেষত বঙাইগাঁৱৰ আৰক্ষী উপ-পৰিদৰ্শক পাউলুছ নাৰ্জাৰীৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে হাৰিয়ানাত বোৱাৰীগৰাকীক উদ্ধাৰ কৰে । লগতে আৰক্ষীয়ে প্ৰেমিক টোনীকো গ্ৰেপ্তাৰ কৰে । দুয়োকে সোমবাৰে বঙাইগাঁৱলৈ অনা হয় আৰু মঙলবাৰে বঙাইগাঁৱৰ আদালতত হাজিৰ কৰে আৰক্ষীয়ে ।