বকো,20 এপ্ৰিল:লক ডাউনৰ মাজতে দেওবাৰে নিশা বকোৰ বিজেপি কাৰ্যালয়ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। কাৰ্যালয়ৰ দুৱাৰৰ তলা ভাঙি চোৰে চুৰি কৰিলে দৰিদ্ৰক বিতৰণৰ বাবে মজুত ৰখা খাদ্য সামগ্ৰী । প্ৰায় ২০০টা খাদ্যৰ টোপোলা চুৰি কৰাৰ লগতে কাৰ্যালয়ত থকা গেছ চিলিণ্ডাৰ এটাও চুৰি কৰে।
বকোৰ বিজেপি কাৰ্যালয়ত চুৰিকাণ্ড
দেওবাৰে নিশা বকোৰ বিজেপি কাৰ্যালয়ত হোৱা চুৰিকাণ্ডত চোৰে লুটি নিয়ে দৰিদ্ৰক বিতৰণৰ বাবে মজুত ৰখা প্ৰায় ২০০টা খাদ্যৰ টোপোলা,এটা গেছ চিলিণ্ডাৰ ৷ লগতে কাৰ্যালয়টোৰ সমীপৰ এখন প্ৰেছৰ দোকানৰ পৰা কম্পিউটাৰ,ইনভাৰ্টাৰ, প্ৰিণ্টিং মেচিন চুৰি কৰি নিয়ে ৷
বকোৰ বিজেপি কাৰ্যালয়ত চুৰিকাণ্ড
ইয়াৰোপৰি,বিজেপি কাৰ্যালয়টোৰ সমীপৰ এখন প্ৰেছৰ দোকানত সোমাই কম্পিউটাৰ,ইনভাৰ্টাৰ,প্ৰিণ্টিং মেচিনো লুটি নিয়ে চোৰে ৷
লগতে পঢ়ক : পুনৰ আৰম্ভ ৰহা টোল প্লাজাত কৰ সংগ্ৰহ