নিউজ ডেস্ক, 19 জানুৱাৰী :মধ্য প্ৰদেশত চলি থকা দুৰ্নীতি বিৰোধী অভিযানৰ অংশ হিচাপে মঙলবাৰে মধ্য প্ৰদেশৰ ইণ্ডোৰত ৰেচন কাৰ্ডত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে এক সফল অভিযান সমাপ্ত কৰে আৰক্ষীয়ে ৷ এই বিয়াগোম দুৰ্নীতিৰ লগতে জড়িত থকা মূল অভিযুক্ত ভাৰত দেৱক মঙলবাৰে ইণ্ডোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে, আৰক্ষীয়ে ৰেচন কাৰ্ডৰ দুৰ্নীতিৰ বিৰুদ্ধে 12 টা গোচৰ ৰুজু কৰিছে আৰু 40 গৰাকী অভিযুক্তৰ নাম চিনাক্ত কৰিছে ৷ লগতে, 'National Security Act' ৰ অধীনত তেওঁলোকৰ তদন্ত কৰা হ'ব বুলিও জানিব দিয়ে ৷
ইণ্ডোৰ আৰক্ষী অধীক্ষক মনিষ সিঙে জানিব দিয়া অনুসৰি, মঙলবাৰে ইণ্ডোৰৰ 12 খন সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কৰাৰ অন্তত বিষয়া গৰাকীয়ে 50,000 হিতাধিকাৰীৰ বিপৰীতে এক বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য ফাদিল কৰিছে বিষয়া গৰাকীয়ে ৷