জনীয়া উপ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বৰপেটাত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ
বৰপেটাত জনীয়া উপ নিৰ্বাচনৰ দায়িত্বত থকা এছ এছ টিয়ে জব্দ কৰিলে বৃহৎ পৰিমানৰ বিলাতী সুৰা ৷ বৰপেটা-মন্দিয়া পথৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ভাতকুছিত এখন নম্বৰপ্লেট বিহীন ব'লেৰ' গাড়ীৰ পৰা জব্দ হয় সুৰাসমূহ ৷ জনীয়া উপ নিৰ্বাচনৰ দায়িত্বত থকা ষ্টেটিকচ্ চাৰভিলেঞ্চ টীমে জব্দ কৰে সুৰাসমূহ ৷
বৰপেটা, ৯ অক্টোবৰঃ বৰপেটাত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ ৷ বৰপেটা-মন্দিয়া পথৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ভাতকুছিত এখন নম্বৰপ্লেট বিহীন ব'লেৰ' গাড়ীৰ পৰা জব্দ হয় সুৰাসমূহ ৷ জনীয়া উপ নিৰ্বাচনৰ দায়িত্বত থকা ষ্টেটিকচ্ চাৰভিলেঞ্চ টীমে জব্দ কৰে সুৰাসমূহ ৷ পিচত জব্দ কৰা ব'লেৰ' গাড়ীসহ সুৰাসমূহ বৰপেটা আৰক্ষীক চমজাই দিয়ে এছ এছ টিৰ দায়িত্ববাহী বিষয়া হেমেন দাসে ৷ আৰক্ষীয়ে সুৰা সৰবৰাহৰ সৈতে জড়িতৰ অপৰাধত এগৰাকী মহিলাসহ এজন যুৱক আৰু চালকজনক সোধপোছৰ বাবে আটক কৰে ৷ ইপিনে বলেৰ'খনৰ চালকজনে জব্দকৃত সুৰা সমূহ বৰপেটাৰোডৰ শিমলাগুৰিৰপৰা কঢ়িয়াই অনা বুলি মন্তব্য কৰে৷