বৰপেটা, 23 আগষ্টঃ অৱশেষত আৰক্ষীৰ জালত পৰিল চুৰিকাঘাট কৰি নিজৰ প্ৰেমিকক হত্যা কৰা বৰপেটাৰ ৰুণীমা পাৰভীন নামৰ যুৱতী গৰাকী ৷ গোপন সূত্ৰৰ পম খেদি ঘটনা সংঘটিত হোৱাৰ চাৰিদিনৰ পাচত বৰপেটা চহৰৰ মেটুৱাকুছিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰুণীমা পাৰভীনক ৷ বৰপেটাৰ নগাঁৱৰ বি বি কে কলেজৰ সমীপত বহৰি বৰভিঠা গাৱৰ ময়দুল ইছলাম নামৰ যুৱকজনক চুৰিকাঘাট কৰি হত্যা কৰাৰ পাচৰ পৰাই পলাতক হৈ আছিল যুৱতীগৰাকী ৷ উল্লেখ্য যে, বি বি কে কলেজৰ বিজ্ঞান শাখাৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী ৰুণীমাৰ সৈতে দীৰ্ঘ ৭ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক থকা ময়দুলে ছাত্ৰীগৰাকীক প্ৰৱঞ্চনা কৰি মৃত্যুৰ তিনিদিন পূৰ্বে বিৱাহ কৰিছিল আন এগৰাকী যুৱতীক ৷ প্ৰেমিকৰ এই প্ৰৱঞ্চনাৰ বাবেই হত্যাৰ সন্দেহ পৰিয়ালৰ ৷
প্ৰেমিকক হত্যা কৰি হাতকেৰেয়া পিন্ধিলে প্ৰেয়সীয়ে - হাতকেৰেয়া
7 বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পাছত প্ৰৱঞ্চনাৰ বাবে প্ৰেমিকাই হত্যা কৰিলে প্ৰেমিকক ৷ হত্যাৰ 4 দিনৰ পাছত বি বি কে কলেজৰ ছাত্ৰীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ৷
প্ৰেমিক হত্যাত অভিযুক্ত প্ৰেয়সীক গ্ৰেপ্তাৰ আৰক্ষীৰ
শেহতীয়া তথ্য মতে শুকুৰবাৰে পাৰভীনৰ স্বীকাৰোক্তিৰ ভিত্তিত বানীকান্ত কাকতি মহাবিদ্যালয়ৰ সমীপৰ এটা পুখুৰীৰ পৰা হত্যাত ব্যৱহৃত চুৰিখন উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
Last Updated : Aug 23, 2019, 1:38 PM IST