অসম

assam

By

Published : Sep 11, 2019, 2:48 PM IST

ETV Bharat / jagte-raho

বাইহাটাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ; পলাতক অভিযুক্ত

বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত দ্বিগুনপাৰ গাঁৱত উদ্ধাৰ নৱজাতকৰ মৃতদেহ । ঘৰৰ পিচফালৰ বাৰীৰ বাঁহৰ তলৰ পৰা কমলপুৰ আৰক্ষীয়ে খান্দি উলিয়ালে নৱজাতকটিৰ মৃতদেহ । বৰ্তমান পলাতক অভিযুক্ত ৷

বাইহাটাত উদ্ধাৰ নব জাতকৰ মৃতদেহ

কামৰূপ,11ছেপ্টেম্বৰঃ ৰাজ্যত পুনৰ ভূলুন্ঠিত মানৱতা । বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত দ্বিগুনপাৰ গাঁৱত উদ্ধাৰ নৱজাতকৰ মৃতদেহ । সমাজৰ অপবাদৰ পৰা ৰক্ষা পাবলৈ মাটিত পুতি থলে এটি নৱজাতকৰ মৃতদেহ ।

বাইহাটাত উদ্ধাৰ নব জাতকৰ মৃতদেহ

ঘটনা অনুসৰি, কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আঠগাঁৱৰ যুৱক পংকজ ডেকাৰ লগত দ্বিগুনপাৰ গাঁৱৰে এগৰাকী যুৱতীৰ গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক । পৰৱৰ্তী সময়ত প্ৰেমৰ পৰিণতি স্বৰূপে যুৱতীগৰাকী গৰ্ভৱতী হয় । এই কথা গম পাই পিতৃত্বৰ বোজাৰ পৰা হাত সাৰিবলৈ পংকজ ডেকা নামৰ যুৱকজনে নিজে মৃত সন্তানটি বাৰীৰ পিচফালে পুতি থৈ উধাও হয় । পাচত সমগ্ৰ ঘটনা পৰিয়ালৰ লোকে গম পাই কমলপুৰ আৰক্ষী থানাত পংকজ ডেকাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত কমলপুৰ আৰক্ষীয়ে মাটিত পুটি থোৱা অৱস্থাত নৱজাতক শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে ৷ উল্লেখ্য যে, অভিযুক্ত পংকজ ডেকা বৰ্তমান পলাতক অৱস্থাত আছে ৷

ABOUT THE AUTHOR

...view details