গুৱাহাটী,১ছেপ্টেম্বৰ: এইবাৰ ৰজাঘৰীয়াৰ ধনত চকু বহি:ৰাজ্যৰ অপৰাধীৰ। অসমৰ মুখ্যমন্ত্ৰীৰ জাল চহী ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন সৰকাবলৈ গৈ গ্ৰেপ্তাৰ হ'ল বহি:ৰাজ্যৰ ৫ অভিযুক্ত । যোৱা ১০ আগষ্টত মুখ্যমন্ত্ৰী কাৰ্যালয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বেংক একাউণ্টৰ পৰা ধনৰ লেন-দেনৰ বিষয়ে অৱগত হয় । ইয়াৰ পিছতে ঘটনা তদন্তৰ দায়িত্ব দিয়া হয় মুখ্যমন্ত্ৰীৰ ভিজিলেন্সক। এই ঘটনা সন্দৰ্ভত ১২ আগষ্টত ভিজিলেন্সে এটা গোচৰ ৰুজু কৰে আৰু আৰক্ষী অধীক্ষক ৰ'জি কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে উত্তৰ প্ৰদেশৰ পৰা ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন হৰলুকি কৰি আৰক্ষীৰ জালত ৫ অভিযুক্ত - মুখ্যমন্ত্ৰীৰ জাল চহী
কিমান সুৰক্ষিত অৱস্থাত ৰখা হয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন ? এইবাৰ স্বয়ং মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধনত চকু অপৰাধীৰ । সাধাৰণ নাগৰিকৰ চহী নহয়, অসমৰ মুখ্যমন্ত্ৰীৰ জাল চহী ব্যৱহাৰ কৰি সাহায্য পুঁজিৰ বেংক একাউণ্টৰ পৰা সৰকাই নিলে ৩.৩০লাখ টকা। আৰক্ষীৰ জালত ৫ অভিযুক্ত।
ধৃত অভিযুক্তকেইটাৰ ঘৰ উত্তৰ প্ৰদেশৰ বস্তি, গোৰখপুৰ আৰু লক্ষ্ণৌত । ২৭ আগষ্টত আৰক্ষীয়ে বস্তি জিলাৰ কিছুমান অঞ্চলত অভিযান চলায় আৰু ঘটনাৰে জড়িতৰ সন্দেহত ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত আটাইকে বস্তি জিলাৰ আদালতত হাজিৰ কৰাই ১০দিনৰ বাবে আৰক্ষীৰ জিম্মাত লয় বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক ৰ'জি কলিতাই । ধৃত অভিযুক্তকেইটা ক্ৰমে মহম্মদ আৰিফ, মহম্মদ আছিফ, শ্ৰী লালজী, সবৰেশ ৰাও আৰু ৰবীন্দ্ৰ কুমাৰ। এই অভিযুক্তকেইটাই দুখন চেকৰ মাধ্যমেৰে ষ্টেট বেংকত থকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ একাউণ্টৰ পৰা ৩.৩০লাখ টকা অতি চতুৰালিৰে সৰকায়। এই ধনৰাশি পঞ্জাৱ নেশ্যনেল বেংক আৰু ইণ্ডিয়ান বেংকত জমা কৰায় যদিও বেংক কৰ্তৃপক্ষই জালিয়তিৰ উমান পাই পুনৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ একাউণ্টলৈ ধনৰাশি উভতাই দিয়ে।