নিউজ ডেস্ক, 18 জুলাই : উত্তৰ প্ৰদেশৰ বিধানসভাৰ সন্মুখত আত্মজাহৰ চেষ্টা কৰা মাতৃ-কন্যাৰ ঘটনাত চাৰিগৰাকী লোকক কৰায়ত্ত কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে আমেথিৰ মাতৃ-কন্যা এহালে লক্ষ্নৌস্থিত বিধানসভা ভৱনৰ সন্মুখত জুই লগাই আত্মজাহ দিয়াৰ চেষ্টা কৰিছিল ৷ এই ঘটনাত জড়িত থকাৰ অভিযোগত মজলিছ-ই-ইত্তেহাডুলৰ এগৰাকী শীৰ্ষ নেতা, কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতাৰ লগতে আন এগৰাকী লোকক আটক কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ আনহাতে ঘটনাৰ সময়ত সেই স্থানত কৰ্তব্যত থকা তিনিগৰাকী আৰক্ষীকো কৰ্তব্যৰ পৰা অব্যাহতি দিয়ে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷
উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, এইকেইগৰাকী লোকেই দুয়ো মাতৃ-কন্যাক এইদৰে জুই লগাই আত্মজাহ দিবলৈ বাধ্য কৰাইছিল ৷ আৰক্ষীয়ে আটক কৰা এমআইএম নেতা কাদিৰ খান আৰু কংগ্ৰেছ নেতা অনুপ পেটেলে এই অভিযোগ অস্বীকাৰ কৰিছে ৷ আৰক্ষীয়ে কৰ্তব্যৰ পৰা অব্যাহতি দিয়া তিনিওগৰাকী আৰক্ষীৰ বিৰুদ্ধেও বিভাগীয় অনুসন্ধান চলোৱা হ'ব বুলি জানিবলৈ দিয়ে ৷