অসম

assam

By

Published : Oct 23, 2019, 8:12 PM IST

ETV Bharat / jagte-raho

শিহৰণকাৰীঃ ট্ৰাকৰ ভিতৰত উদ্ধাৰ 39 মৃতদেহ

এক শিহৰণকাৰী ঘটনাই বুধবাৰে জোকাৰি যায় লণ্ডন চহৰক ৷ চহৰখনৰ মাজমজিয়াত এখন ট্ৰাকৰ ভিতৰত স্থানীয় আৰক্ষীয়ে উদ্ধাৰ কৰে 39টাকৈ মৃতদেহ ৷ ঘটনাক লৈ লণ্ডন আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ৷

ট্ৰাকৰ ভিতৰত উদ্ধাৰ 39 মৃতদেহ

নিউজ ডেস্ক, 23 অক্টোবৰঃইংলেণ্ডৰ ৰাজধানী তথা বিশ্বৰ অন্যতম প্ৰধান মহানগৰ লণ্ডনত বুধবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ মহানগৰখনৰ মাজমজিয়াত এখন ট্ৰাকৰ ভিতৰৰ পৰা উদ্ধাৰ হয় 39টাকৈ মৃতদেহ ৷ মানৱ অংগ সৰবৰাহৰ চোৰাং চক্ৰৰ দ্বাৰাই এই ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিক অনুসন্ধানত প্ৰকাশ কৰিছে স্থানীয় আৰক্ষীয়ে ৷

লগতে পঢ়কঃ মোডীক ভাবুকি দি হাঁহিয়াতৰ পাত্ৰ পাক গায়িকা

বুলগেৰিয়াৰ পৰা অহা ট্ৰাকখনে বিগত শনিবাৰেই লণ্ডনত প্ৰৱেশ কৰিছিল ৷ লণ্ডনৰ পূব প্ৰান্তত অৱস্থিত গ্ৰেছ নামৰ উদ্যোগিক অঞ্চলটোত ট্ৰাকখন ৰখাই থোৱা হৈছিল৷ আৰক্ষীয়ে একেটা স্থানতে থকা ট্ৰাকখনত বুধবাৰে তালাচী চলোৱাৰ সময়তে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ৷

লগতে পঢ়কঃ তীব্ৰ সংকটত ছিৰিয়াঃ বিশ্বশক্তিৰ অভ্যুত্থান নে নৰসংহাৰৰ আৰম্ভণী ?

ট্ৰাকখনৰ পৰা উদ্ধাৰ হোৱা মৃতদেহকেইটাৰ 38গৰাকী প্ৰাপ্তবয়স্ক হোৱাৰ বিপৰীতে এটা শিশুৰ মৃতদেহ আছে ৷ ঘটনা সন্দৰ্ভত লণ্ডন আৰক্ষীয়ে উত্তৰ ইৰলেণ্ডৰ এগৰাকী 25 বছৰীয়া ব্যক্তিক আটক কৰিছে ৷ ইতিমধ্যে উদ্ধাৰ হোৱা মৃতদেহকেইটা মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে যদিও বৰ্তমান সময়লৈকে মৃতদেহকেইটা চিনাক্তকৰণ কৰিব পৰা নাই লণ্ডন আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details