স্পৰ্টছ ডেস্ক, ২৯ জুন : বিশ্বৰ ৪ নম্বৰ ৰেংকিঙৰ টেনিছ তাৰকা ৰাফেল নাডালে (World No 4 Rafael Nadal) উইম্বলডনৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে । ২০২২ৰ উইম্বলডনৰ (Wimbledon 2022) দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰাকে লৈ ৰাফেল নাডালে নিজৰ কেৰিয়াৰত ১৪ সংখ্যকবাৰৰ বাবে উইম্বলডনৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে । প্ৰথম ৰাউণ্ডৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত মঙলবাৰে নাডালে ফ্ৰাঞ্চিস্কো চেৰুণ্ডোলোক (Francisco Cerundolo) পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে ।
উল্লেখ্য, ২০১৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে ঘাঁহৰ কোৰ্টৰ ওপৰত প্ৰতিদ্বন্দ্বিতা কৰি স্পেনিছ টেনিছ তাৰকাজনে চেৰুণ্ডোলোৰ পৰা বিজয় আঁজুৰি আনে । তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক মেচখনত নাডালে নিজৰ যুঁজাৰু মানসিকতা প্ৰদৰ্শন কৰি মনস্তাত্বিক যুঁজত জয়ী হয় । ৩ ঘণ্টা ৩৬ মিনিট ধৰি চলা মেচখনত নাডালে চেৰুণ্ডোলোক ৬-৪, ৬-৩, ৩-৬, ৬-৪ ছেটত পৰাস্ত কৰে ।
উইম্বলডনৰ চেণ্টাৰ ক'ৰ্টত (Wimbledon Centre court) গেলাৰীভৰ্তি দৰ্শকৰ সন্মুখত নাডালে উইম্বলডন চেম্পিয়নশ্বিপত অভিষেক ঘটোৱা আৰ্জেণ্টিনাৰ টেনিছ তাৰকাজনৰ পৰা মেচৰ মাজভাগত প্ৰত্যাৱৰ্তন কৰে । প্ৰথম দুটা ছেট জয়ৰ পিছত ৩৬ বছৰীয়া তাৰকাজন হঠাতে চতুৰ্থ ছেটত পিছ পৰি যায় । অৱশ্যে তীব্ৰ চাপৰ মাজতো নাডালে তেওঁৰ স্মেচৰ তীব্ৰতা বৃদ্ধি কৰে আৰু গভীৰ আত্মবিশ্বাসেৰে নিয়ন্ত্ৰণ ঘূৰাই পাবলৈ সক্ষম হয় । ইয়াৰে সৈতে নাডালে ছিজনটোত নিজৰ প্ৰদৰ্শন 31-4 লৈ উন্নীত কৰে ।
দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰাৰ পিছতে এতিয়া নাডালে কেৰিয়াৰৰ অভিলেখ 23 সংখ্যক গ্ৰেণ্ড শ্লেম (23rd Grand Slam title for Nadal) খিতাপৰ দিশে আগবঢ়াৰ মনোবল বৃদ্ধি কৰিছে । ইতিমধ্যে তেও কেৰিয়াৰত প্ৰথমবাৰৰ বাবে বছৰটোৰ প্ৰথম দুটা গুৰুত্বপূৰ্ণ গ্ৰেণ্ড শ্লেম জয় কৰিছে । দ্বিতীয় ৰাউণ্ডত তেওঁ ৰিকাৰ্ডাছ বেৰাঙ্কিছৰ (Ricardas Berankis) মুখামুখি হ'ব । লিথুৱেনিয়ান ৰিকাৰ্ডাছ বেৰাঙ্কিছে ছেম কুৱেৰীক (Sam Querrey) ৬-৪, ৭-৫, ৬-৩ ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ।
লগতে পঢ়ক :FIFA World Cup 2026ৰ স্থান ঘোষণা: মেক্সিকান চহৰৰ উপৰিও কানাডাত দুখন চহৰ বাছনি