অসম

assam

ETV Bharat / international

পুনৰ ইৰাণ সমৰ্থিত হুথিৰ আক্ৰমণক বিফল কৰিলে আমেৰিকাৰ সেনাই, 12 টা ড্ৰোন আৰু পাঁচটা মিছাইল ধ্বংস - লোহিত সাগৰত যুদ্ধ সাদৃশ্য পৰিৱেশ

আমেৰিকা সেনাৰ বৃহৎ সফলতা(US Central Command) ৷ লোহিত সাগৰত (Red See) পুনৰ 12 টা ড্ৰোন আৰু পাঁচটাকৈ মিছাইল ধ্বংস কৰিছে আমেৰিকান সেনাই ৷ ইৰাণ সমৰ্থিত হুথিয়ে এই আক্ৰমণ চোলৱা বুলি (Houthis) জানিবলৈ দিছে চেন্টকমে(CENTCOM) ৷

US destroys 12 Houthi attack drones
পুনৰ ইৰাণ সমৰ্থিত হুথিৰ আক্ৰমণক বিফল কৰিলে আমেৰিকাৰ সেনাই

By ANI

Published : Dec 27, 2023, 7:53 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক , 27 ডিচেম্বৰ :লোহিত সাগৰত পুনৰ যুদ্ধ সদৃশ পৰিৱেশ ৷ মঙলবাৰে পুনৰ 12 টা ড্ৰোন আৰু 5 টা মিছাইল ধ্বংস কৰিছে আমেৰিকাৰ সেনাই ৷ এই কথা জানিবলৈ দিছে আমেৰিকাৰ চেন্ট্ৰেল কামাণ্ড চমুকৈ চেন্টকমে ৷ তেওঁলোকে দাবী কৰা আনুসৰি, ইৰাণ সমৰ্থিত হুথিয়ে ইজৰাইলৰ কাৰ্গো জাহাজক টাৰ্গেট কৰি উৎক্ষেপণ কৰা 12 টা ড্ৰোন আৰু পাঁচটাকে মিছাইল ধ্বংস কৰিছে ৷

উল্লেখ্য যে, বিশ্বৰ বাণিজ্যৰ ক্ষেত্ৰত লোহিত সাগৰৰে গুৰুতপূৰ্ণ ভূমিকা পালন কৰে ৷ তেনে সময়তে চলিত মাহত ইজৰাইল অভিমুখী জাহাজ বা ইজৰাইলী মালিকাধীন জাহাজক লক্ষ্য কৰি বাৰে বাৰে আক্ৰমণৰ চেষ্টা কৰি আহিছে ইৰাণ সমৰ্থিত হুথিয়ে ৷ সেই আক্ৰমণক বাৰে বাৰে প্ৰতিহত কৰি আহিছে আমেৰিকাৰ সেনাই ৷

লগতে পঢ়ক :আমেৰিকান সেনাৰ ওপৰত ড্ৰোন আক্ৰমণ; ইৰাণ সমৰ্থিত গোটৰ ওপৰত আক্ৰমণৰ নিৰ্দেশ বাইডেনৰ

আমেৰিকাৰ চেন্ট্ৰেল কামাণ্ড চমুকৈ চেন্টকমে জনোৱা অনুসৰি, ইউ এছ এছ এল এবুন আৰু এফ এ-18 চুপাৰ হৰ্নেটেৰে দক্ষিণ লোহিত সাগৰত বাৰটা ড্ৰোন, বেলিষ্টিক মিছাইল ধ্বংস কৰে ৷ স্থানীয় সময় অনুসৰি মঙলবাৰে পুৱা 6:30 বজাত হুথিসকলে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা কৰে ৷ আনহাতে, অঞ্চলটোত জাহাজৰ কোনো ক্ষতি হোৱা নাই বা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই বুলি উল্লেখ কৰে চেন্টকমে ৷

টাইমছ অৱ ইজৰাইলৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠিত মিত্ৰজোঁটৰ অংশ হিচাপে আইজেনহাৱাৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ ইউ এছ এছ লাবুন আৰু এফ 18 যুঁজাৰু বিমান দক্ষিণ লোহিত সাগৰত ঘাটি পাতি আছে ৷ যাতে ইজৰাইলে লোহিত সাগৰত সন্মুখীন হোৱা যি কোনো ভাবুকি প্ৰতিহত কৰিব পাৰে তাৰে বাবে আমেৰিকাৰ সেনাক নিয়োজিত কৰা হৈছে বুলি বাতৰিত প্ৰকাশ পাইছে ৷

আনহাতে ইজৰাইল-হামাছৰ যুদ্ধৰ পাছৰে পৰা লোহিত সাগৰত ইজৰাইল অভিমুখী জাহাজ বা ইজৰাইলী মালিকাধীন জাহাজক লক্ষ্য কৰি হুথিয়ে গ্ৰুপে আক্ৰমণত তীব্ৰতৰ কৰিছে ৷ যদিহে ইজৰাইলৰ জাহাজ ক্ষতিগ্ৰস্ত হয় তেতিয়া হ’লে ইজৰাইলে ইৰাণতো আক্ৰমণ কৰিব পাৰে ৷

লগতে পঢ়ক :আৰব সাগৰত তিনিখন যুদ্ধজাহাজ মোতায়েন, ড্ৰোন আক্ৰমণ নিশ্চিত কৰিলে ভাৰতীয় নৌসেনাই

ABOUT THE AUTHOR

...view details