ইণ্টাৰনেশ্যনেল ডেস্ক,১৮ অক্টোবৰ :ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বুধবাৰে ইজৰাইল-হামাছ যুদ্ধৰ এক প্ৰস্তাৱৰ ওপৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে । প্ৰস্তাৱটোত প্ৰথমে হামাছে ইজৰাইলৰ ওপৰত কৰা জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ লগতে সাধাৰণ লোকৰ বিৰুদ্ধে হোৱা সকলো হিংসাত্মক ঘটনাক গৰিহণা দিয়ে । আনহাতে গাজাৰ লাখ লাখ লোকক অতি প্ৰয়োজনীয় সাহায্য প্ৰদান কৰাৰ বাবে মানৱীয় দৃষ্টিভংগীৰ আহ্বান জনায় । মঙলবাৰৰ দিনটো ব্ৰাজিলৰ দ্বাৰা পৃষ্ঠপোষকতা এই খচৰা প্ৰস্তাৱৰ ওপৰত আলোচনা অব্যাহত থাকে । অৱশ্যে ভোটগ্ৰহণ কৰিবলগীয়া চূড়ান্ত সংস্কৰণটো মুকলি কৰা হোৱা নাই ।
ইয়াৰ পূৰ্বে সোমবাৰে সন্ধিয়া ৰাছিয়াই এক প্ৰস্তাৱ আগবঢ়াইছিল যাক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে প্ৰত্যাখ্যান কৰে । ৰাছিয়াই সাধাৰণ লোকৰ বিৰুদ্ধে হিংসা আৰু সন্ত্ৰাসবাদক গৰিহণা দিয়ে আৰু মানৱীয় যুদ্ধবিৰতিৰ আহ্বান জনায় । কিন্তু তেওঁলোকে হামাছৰ বিষয়ে কোনো কথা উল্লেখ কৰা নাছিল । ৰাছিয়াই ব্ৰাজিলৰ প্ৰস্তাৱত দুটা সংশোধনৰ প্ৰস্তাৱ দিছে যাৰ ওপৰত প্ৰথমে ভোটগ্ৰহণ হ'ব । এটা হ'ল মানৱীয় যুদ্ধবিৰতিৰ আহ্বান আৰু আনটো সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ আৰু গাজাত চিকিৎসালয় আৰু বিদ্যালয়ত হোৱা আক্ৰমণক গৰিহণা দিয়া ।
ব্ৰাজিলে এই মাহত নিৰাপত্তা পৰিষদৰ সভাপতিত্ব গ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰসংঘৰ মিছনে কয় যে মঙলবাৰে সংঘটিত বৃহৎ বিস্ফোৰণৰ বিষয়ে আলোচনা কৰিবলৈ ভোটগ্ৰহণ পাছত এখন জৰুৰী বৈঠক অনুষ্ঠিত হ'ব । হামাছ পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ে কয় যে এই আক্ৰমণত প্ৰায় ৫০০ গৰাকী লোকৰ মৃত্যু হৈছে । ইয়াৰ মাজতে ৰাছিয়া, আৰৱ আৰু চীনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰীকালীন অধিৱেশনৰ আহ্বান জনাইছিল ।