ইণ্টাৰনেচনেল ডেস্ক, ২ জানুৱাৰী :সোমবাৰে ৭.৫ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই জোকাৰি যোৱাৰ ফলত জাপানত কমেও ৩০ জন লোক নিহত হৈছে । এনএইচকে ৱৰ্ল্ড নামৰ চৰকাৰী সম্প্ৰচাৰ চেনেলত এই কথা প্ৰকাশ । আনহাতে, আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে, স্থানীয় সময় অনুসৰি আবেলি প্ৰায় ৪.১০ বজাত ইশিকাৱা প্ৰান্তৰ নোটো উপদ্বীপত ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰত এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ।
ইফালে ভূমিকম্প সংঘটিত হোৱাৰ পিছতে অট্টালিকাবোৰ ভাঙি পৰে, অগ্নিকাণ্ড সংঘটিত হয় আৰু ছুনামিৰ সতৰ্কবাণী দিয়া হয় । লগতে জাপানৰ উপকূলীয় অঞ্চলৰ লোকসকলক স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়া হয় । ইফালে ভূমিকম্পই কঁপাই তোলাৰ পিছত সোমবাৰে সন্ধিয়া কেন্দ্ৰীয় জাপানৰ ৱাজিমা চহৰত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডৰ ফলত ১০০ খনতকৈও অধিক দোকান আৰু ঘৰ ধ্বংস হয় বুলি এনএইচকে ৱৰ্ল্ডে জানিবলৈ দিয়ে ।
নিউক্লিয়াৰ ৰেগুলেচন অথৰিটীৰ মতে, ইশিকাৱা প্ৰিফেকচাৰৰ শ্বিকা পাৰমাণৱিক শক্তি কেন্দ্ৰত এটা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । কেন্দ্ৰটোৰ অপাৰেটৰে জনোৱা মতে, ইয়াৰ ফলত ট্ৰেন্সফৰ্মাৰ এটা বিকল হয় । কিন্তু বেকআপ ব্যৱস্থাৰ বাবে দুয়োটা পাৰমাণৱিক চুল্লিয়ে নিৰ্দিষ্ট কাৰ্যসূচী অনুসৰি সক্ৰিয় হৈ আছে । আনহাতে, জাপানৰ মুখ্য মোবাইল ফোন সেৱা প্ৰদানকাৰীসকলে দাবী কৰিছে যে ভূমিকম্প প্ৰভাৱিত প্ৰিফেকচাৰত তেওঁলোকৰ সেৱা ব্যাহত হৈ আছে ।