অসম

assam

ETV Bharat / international

Street shooting in Washington DC: ৰাজপথতে গুলীয়াই হত্যা কৰা 3 জনক

শনিবাৰে আমেৰিকাত গুলীচালনাৰ ঘটনা ৷ নিশা সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷ দেশখনৰ ৱাশ্বিংটন ডি.চিৰ এটা ৰাস্তাত গুলীচালনাৰ ঘটনাত তিনিজন লোকৰ মৃত্যু হয় আৰু আন দুজন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

Street shooting in Washington DC
আমেৰিকাত গুলীচালনাৰ ঘটনা

By

Published : Aug 6, 2023, 2:21 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 6 আগষ্ট : আমেৰিকাৰ ৱাশ্বিংটন ডি.চিৰ এটি পথত গুলীচালনাৰ ঘটনা ৷ শনিবাৰে নিশা সংঘটিত এই গুলীচালনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি আৰক্ষীয়ে জনায় । 8 মান বজাত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয় বুলি জানিবলৈ পৰা গৈছে । গুড হোপ ৰোড চাউথইষ্টৰ 1600 ব্লকত গুলীৱিদ্ধ হোৱা আন পাঁচজন আঘাতপ্ৰাপ্তক আৰক্ষীয়ে উদ্ধাৰ কৰে ।

মেট্ৰ’পলিটান আৰক্ষী বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী পামেলা স্মিথে ঘটনা সন্দৰ্ভত আয়োজন কৰা এক সংবাদমেলযোগে কয়, ‘‘ঘটনাস্থলীত দুজন পুৰুষ আৰু এগৰাকী মহিলাক মৃত্যু হয় আৰু দুজন লোকক সমীপৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় । চিকিৎসালয়ত ভৰ্তি ভুক্তভোগীসকলৰ অৱস্থাৰ বিষয়ে ততাতৈয়াকৈ জানিব পৰা হোৱা নাই । এই ধৰণৰ গুলী-বাৰুদৰ হিংসা কলম্বিয়াত গ্ৰহণযোগ্য নহয় । এয়া যুদ্ধক্ষেত্ৰ নহয় ।’’

সৰ্বসাধাৰণৰ পৰা সহায়-সহযোগিতা আশা কৰি স্মিথে পুনৰ কয়, " আমি উপলব্ধি কৰিছো যে আজি ৰাতি পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি হ'ব পাৰে ।" আমি আপোনালোকক আগবাঢ়ি আহিবলৈ কৈছো ৷ স্মিথে লগতে কয় যে, চহৰখনৰ হিংসা বন্ধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সম্প্ৰদায়টো জড়িত হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে । মহানগৰ আৰক্ষী বিভাগৰ ওপৰত নিৰ্ভৰশীল হৈ সমস্যাৰ সমাধান ঘটাব নোৱাৰি ।

উল্লেখ্য যে, যোৱা মাহত ৱাশ্বিংটনত আন এক গণ গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল, হোৱাইট হাউছৰ পূব দিশত এটা এলেকাত স্বাধীনতা দিৱস উদযাপনৰ সময়ত 9 জন লোক আহত হৈছিল এই গুলীচালনাৰ ঘটনাৰ দ্বাৰা । বৰ্তমানলৈ জানিব পৰা হোৱা নাই গুলীচালনাৰ কাৰণ ৷

লগতে পঢ়ক :General elections in Pakistan: পিছুৱাই দিয়া হৈছে পাকিস্তানত সাধাৰণ নিৰ্বাচনৰ দিন

ABOUT THE AUTHOR

...view details