অসম

assam

By

Published : Jul 31, 2023, 8:28 AM IST

ETV Bharat / international

Pakistan Bomb blast: আত্মঘাতী বোমা বিস্ফোৰণত কমেও ৪২ জন নিহত, আহত ১৫০ জনৰো অধিক

পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ এখন জনজাতীয় জিলাত সংঘটিত হোৱা আত্মঘাতী বোমা বিস্ফোৰণত কমেও ৪২ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ১৫০ জন লোক আহত হয় ৷ জমিয়ত উলেমা-ই-ইছলাম-ফজলৰ শ্ৰমিক অধিৱেশনত সংঘটিত হয় এই বিস্ফোৰণ ৷

Several killed in suicide blast
আত্মঘাতী বোমা বিস্ফোৰণত নিহত কমেও ৪২ জন

নিউজ ডেস্ক, 31 জুলাই : আফগানিস্তানৰ সীমান্তৱৰ্তী খাইবাৰ পখতুনখোৱা প্ৰদেশৰ এখন অশান্ত জনজাতীয় জিলাত সংঘটিত হোৱা আত্মঘাতী বোমা বিস্ফোৰণত কেইবাজনো লোক নিহত হোৱাৰ লগতে আহত হৈছে ডেৰ শতাধিক লোক ৷ দেওবাৰে এটা কট্টৰ ইছলামিক দলৰ এক সমাৱেশত আত্মঘাতী বোমাৰুৰ দ্বাৰা সংঘটিত কৰা এই শক্তিশালী বিস্ফোৰণত কমেও ৪২ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ১৫০ জন লোক আহত হয় ৷

বিয়লি ৪ বজাত বজৌৰ জনজাতি জিলাৰ খাৰত অনুষ্ঠিত জমিয়ত উলেমা-ই-ইছলাম-ফজলৰ শ্ৰমিক অধিৱেশনত সংঘটিত হয় এই বিস্ফোৰণ ৷ এই বিস্ফোৰণত কমেও ৪০ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ১৫০ জন আহত হোৱা বুলি চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ বজৌৰ অঞ্চলৰ জিলা জৰুৰীকালীন বিষয়া সাদ খানে মৃতকৰ সংখ্যা নিশ্চিত কৰিছে ৷ তেওঁ কয় যে, এই বিস্ফোৰণত সংগঠনটোৰ স্থানীয় নেতা মৌলানা জিয়াউল্লাহ জানো নিহত হৈছে ৷

উদ্ধাৰ কৰ্মীয়ে কয় যে, তেওঁলোকে হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰিছিল ৷ দূৰদৰ্শনৰ ফুটেজত দেখা গৈছিল যে, বিস্ফোৰণৰ পিছত আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ এম্বুলেন্স অহাৰ সময়ত ঘটনাস্থলীত আতংকিত লোকসকল একত্ৰিত হৈছিল ৷ বিস্ফোৰণটো সংঘটিত হোৱাৰ সময়ত ৫০০ তকৈও অধিক লোক সমাৱেশত উপস্থিত আছিল ৷ আৰক্ষীৰ মালাকান্দ ৰেঞ্জৰ ডিআইজি নাছিৰ মেহমুদ চাট্টিয়ে কয় যে প্ৰাৰম্ভিক অনুসন্ধানত এইটো এটা আত্মঘাতী বিস্ফোৰণ বুলি প্ৰকাশ পাইছে ৷ অৱশ্যে, বিস্ফোৰণৰ প্ৰকৃতি নিৰ্ধাৰণ কৰিবলৈ প্ৰমাণ সংগ্ৰহ কৰা হৈছে ৷ অঞ্চলটো বন্ধ কৰি তালাচী অভিযান আৰম্ভ কৰা হৈছে বুলি তেওঁ কয় ৷

বৰ্তমানলৈকে এই আক্ৰমণৰ দায়িত্ব কোনো গোটে স্বীকাৰ কৰা নাই ৷ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ঘটনাক তীব্ৰ গৰিহণা দিছে ৷ তেওঁ কয় যে সন্ত্ৰাসবাদীয়ে ইছলাম, পবিত্ৰ কোৰাণ আৰু পাকিস্তানৰ সমৰ্থন পোষকতা কৰাসকলক লক্ষ্য কৰি লৈছিল ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত সন্ত্ৰাসবাদী পাকিস্তানৰ শত্ৰু আৰু তেওঁলোকক নিৰ্মূল কৰা হ’ব বুলি উল্লেখ কৰে ৷ এই কাণ্ডৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলিও তেওঁ কয় ৷

লগতে প্ৰধানমন্ত্ৰীজনে মন্ত্ৰী ৰানা ছানাউল্লাহ আৰু খাইবাৰ পখতুনখোৱা চৰকাৰৰ পৰাও এই ঘটনাৰ প্ৰতিবেদন বিচাৰিছে ৷ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে মৃতকৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে ৷ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁলোকক সময়মতে চিকিৎসা সাহাৰ্য প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰে ৷ স্বৰাজ মন্ত্ৰী ৰাণা ছানাউল্লাই এই আক্ৰমণৰ দোষীক কঠোৰ শস্তি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে ৷

এই বিস্ফোৰণক গৰিহণা দি মুখ্যমন্ত্ৰী খানে জিলা প্ৰশাসনৰ পৰা প্ৰতিবেদন বিচাৰিছে ৷ আৰক্ষীয়ে জনোৱা মতে, আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ আহত লোকসকলৰ অধিকাংশৰে অৱস্থা সংকটজনক বুলি উল্লেখ কৰা হৈছে ৷ উলেমা-ই-ইছলাম-ফজলৰ নেতা হাফিজ হামদুল্লাই কয় যে তেওঁ আজি অধিৱেশনত উপস্থিত থকাৰ কথা আছিল যদিও কিছু ব্যক্তিগত কাৰণত উপস্থিত থাকিব নোৱাৰিলে ৷ তেওঁ এই বিস্ফোৰণক তীব্ৰ গৰিহণা দি এই ঘটনাৰ আঁৰৰ দুস্কৃতিকাৰীক কয় যে, এয়া জেহাদ নহয় সন্ত্ৰাসবাদহে ৷ এয়া মানৱতাৰ ওপৰত আক্ৰমণ বুলি কয় তেওঁ ৷

লগতে পঢ়ক :Anju Pakistan news: ভাৰতৰ অঞ্জুৰ বিবাহ সম্পৰ্কীয় বাতৰি উৰা বাতৰিহে; স্পষ্ট কৰিলে অঞ্জুৱে

ABOUT THE AUTHOR

...view details