অসম

assam

ETV Bharat / international

Pakistan National Assembly : ৯ আগষ্টত ভংগ হ'ব পাকিস্তানৰ নেচনেল এছেম্বলী; প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ - Pakistan President Arif Alvi

প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নেতৃত্বত পাকিস্তানৰ শাসকীয় মিত্ৰজোঁট চৰকাৰে ১২ আগষ্টত সংসদৰ চলিত পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত নিৰ্বাচনৰ সন্মুখীন হ'বলৈ সাজু হৈছে । ডন কাকতৰ বাতৰি অনুসৰি, এই পটভূমিত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে সদনত শাসকীয় মিত্ৰশক্তিৰ সন্মানত এক নৈশ ভোজৰ আয়োজন কৰে ।

Pakistan PM Shehbaz Sharif
Pakistan PM Shehbaz Sharif

By

Published : Aug 4, 2023, 4:27 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ৪ আগষ্ট : ৯ আগষ্টত পাকিস্তানৰ নেচনেল এছেম্বলী ভংগ কৰা হ'ব । পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে প্ৰকাশ কৰিছে যে সংসদৰ নিম্ন সদনৰ কাৰ্যকাল সমাপ্ত হোৱাৰ তিনি দিন পূৰ্বেই নেচনেল এছেম্বলী ভংগ কৰা হ'ব । এই পদক্ষেপে ৯০ দিনৰ ভিতৰত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তৎপৰ কৰি তুলিব । শুকুৰবাৰে ডন কাকতে প্ৰকাশ কৰা বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী শ্বৰীফে বৃহস্পতিবাৰে সদনত শাসকীয় মিত্ৰশক্তিৰ সন্মানত আয়োজিত এক নৈশভোজৰ অনুষ্ঠানত এই কথা কয় ।

শাসকীয় মিত্ৰজোঁট চৰকাৰে ১২ আগষ্টত সংসদৰ পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ সময়ত নিৰ্বাচনৰ সন্মুখীন হ'বলৈ সাজু হৈছে । পাকিস্তানৰ সংবিধান মতে, যদি নেচনেল এছেম্বলীয়ে ইয়াৰ কাৰ্যকাল সম্পূৰ্ণ কৰে তেন্তে নিৰ্বাচন ৬০ দিনৰ ভিতৰত অনুষ্ঠিত হ'ব লাগিব । কিন্তু কাৰ্যকালৰ পূৰ্বে ভংগ হোৱাৰ ক্ষেত্ৰত এই ম্যাদ ৯০ দিনলৈ বৃদ্ধি কৰা হয় ।

'দ্য এক্সপ্ৰেছ ট্ৰিবিউন' বাতৰিকাকতৰ খবৰ অনুসৰি, প্ৰধানমন্ত্ৰীয়ে ৯ আগষ্টত নেচনেল এছেম্বলী ভংগ কৰাৰ বাবে ৰাষ্ট্ৰপতি আৰিফ আলভিলৈ এক জাননী প্ৰেৰণ কৰিব । সংবিধান অনুসৰি, ৰাষ্ট্ৰপতিয়ে অধিসূচনাত স্বাক্ষৰ কৰাৰ লগে লগে সংসদ ভংগ হৈ যাব । অৱশ্যে যদি কোনো কাৰণত ৰাষ্ট্ৰপতিয়ে এই পৰামৰ্শত স্বাক্ষৰ নকৰে, তেন্তে প্ৰধানমন্ত্ৰীৰ জাননী পোৱাৰ ৪৮ ঘণ্টাৰ পিছত সংসদ স্বয়ংক্ৰিয়ভাৱে ভংগ কৰা হ'ব বুলি প্ৰতিবেদনত কোৱা হৈছে ।

অভ্যৰ্থনা অনুষ্ঠানত শ্বৰীফে অভ্যাগতসকলক অৱগত কৰে যে ক্ষমতাসীন পাকিস্তান মুছলিম লীগ-নৱাজে (পিএমএল-এন) দলৰ ভিতৰত আলোচনা চূড়ান্ত কৰিছে আৰু প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে তত্ত্বাৱধায়ক নিযুক্তিৰ ক্ষেত্ৰত মিত্ৰশক্তিৰ সৈতে চূড়ান্ত পৰ্যায়ৰ আলোচনা আৰম্ভ কৰিব । এই প্ৰক্ৰিয়াটোত কমেও তিনি দিন লাগিব বুলি আশা কৰা হৈছে । শুকুৰবাৰে তত্ত্বাৱধায়ক সন্দৰ্ভত মিত্ৰশক্তিৰ সৈতে এখন অনলাইন বৈঠক অনুষ্ঠিত হোৱাৰো আশা কৰা হৈছে ।

বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জাৰ্দাৰীয়েও এই বিষয়ত প্ৰধানমন্ত্ৰীৰ সৈতে এক দীঘলীয়া বৈঠক অনুষ্ঠিত কৰে বুলি সূত্ৰত প্ৰকাশ । প্ৰধানমন্ত্ৰীয়ে নৈশভোজত তেওঁৰ সহযোগীসকলক মিত্ৰজোঁট চৰকাৰৰ কাম-কাজৰ বিষয়ে অৱগত কৰায় । তাত তেওঁ দাবী কৰে যে চৰকাৰে ১৫ মাহত ৰাজহ সংগ্ৰহ ১৩ শতাংশ বৃদ্ধি কৰিছে । কিয়নো ১.৩ নিযুততকৈও অধিক নতুন কৰদাতাক কৰৰ আওতাত অন্তৰ্ভুক্ত কৰা হৈছিল ।

শ্বৰীফে দাবী কৰে যে শক্তি খণ্ডত কৰ পুনৰুদ্ধাৰ ৯০ শতাংশতকৈও অধিক আছিল । অৱশ্যে এইটো লক্ষণীয় যে বিগত ১১ মাহত চাৰ্কুলাৰ ঋণ ১৮ শতাংশ বৃদ্ধি হৈ ৩৯৩ বিলিয়ন টকা হৈছেগৈ । প্ৰধানমন্ত্ৰীয়ে কয় যে তথ্য-প্ৰযুক্তি খণ্ডত বিগত চাৰি মাহত গুৰুত্বপূৰ্ণ প্ৰগতি দেখা গৈছে । লগতে কয় যে তথ্য-প্ৰযুক্তি ৰপ্তানিৰ মুঠ পৰিমাণ পূৰ্বৰ বিত্তীয় বৰ্ষত ২.৬ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক :US on India Pakistan Issues: আমেৰিকাই বিচাৰে ভাৰত আৰু পাকিস্তানৰ পোনপটীয়া আলোচনা

ABOUT THE AUTHOR

...view details