আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 2 জানুৱাৰী :বিপদে লগ এৰা নাই জাপানক ৷জাপানৰ টকিঅ’ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ টকিঅ'ৰ হানেদা বিমানবন্দৰত জাপান এয়াৰলাইনছৰ এখন বিমানত মঙলবাৰে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ বিমানবন্দৰৰ ৰাণৱেত থকা এখন বিমানত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ এই ঘটনাত কমেও 400 গৰাকী যাত্ৰী আৰু কৰ্মচাৰীক সুকলমে উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
জাপানৰ ব্যক্তিগত সংবাদমাধ্যমত উল্লেখ কৰা অনুসৰি, জাপানৰ হানেদা বিমানবন্দৰত অৱতৰণ কৰোঁতেই আন এখন বিমানত খুন্দা মাৰিছিল বিমানখনে ৷ তাৰ পিচতে অগ্নিসংযোগ হয় বিমানখনত ৷
শেহতীয়াকৈ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এটা ভিডিঅ’ত বিমানখন ৰাণৱেত থাকোতেই বিমানখনৰ কাষৰ পৰা জুই আৰু ধোঁৱাৰ এটা ডাঙৰ বিস্ফোৰণ দেখুওৱা হৈছে ৷ লগে লগে উইঙৰ চাৰিওফালৰ জুই লাগিছিল । অগ্নিকাণ্ড সংঘটিত হোৱা জেএএল ফ্লাইট 516 নম্বৰ বিমানখন জাপানৰ শিন চিটোজ বিমানবন্দৰৰ পৰা হানেদালৈ উৰা মাৰিছিল ।