ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ মে' : অঞ্চলটোত হিংসাত্মক ঘটনা বৃদ্ধি পোৱা আৰু গাজাত কমেও ৩৩ জন পেলেষ্টাইনী আৰু এজন ইজৰাইলী লোকৰ মৃত্যুৰ মাজতে পেলেষ্টাইন ইছলামিক জিহাদে (Palestinian Islamic Jihad, PIJ) শুকুৰবাৰে নিজৰ অধিকাৰত থকা পশ্চিম তীৰৰ জেৰুজালেম, তেল আভিভ আৰু ইজৰাইলী বসতিস্থানসমূহত ৰকেট নিক্ষেপ কৰে বুলি চিএনএনৰ বাতৰিত প্ৰকাশ (PJI rocket attack in Jerusalem) ।
উল্লেখ্য, সংঘৰ্ষ আৰম্ভ হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে ইছলামিক জিহাদে জেৰুজালেমক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু ইজৰাইলৰ ওপৰত ৰকেট নিক্ষেপ কৰিছে (Islamic Jihad targeted Jerusalem) । সীমান্তৰ সিপাৰৰ পৰা চলি থকা গুলীচালনাৰ মাজতে বিশেষকৈ গাজা ষ্ট্ৰিপৰ কাষত, অঞ্চলটোত যথেষ্ট পৰিমাণৰ ৰক্তক্ষয় হৈছে । আনহাতে, জেৰুজালেমতো বিস্ফোৰণৰ শব্দ শুনা গৈছে ।
শনিবাৰে ইজৰাইলী সেনাই কয় যে তেওঁলোকে নিশাটোৰ ভিতৰতে গাজা ষ্ট্ৰিপত আক্ৰমণ আৰম্ভ কৰে । চিএনএনৰ প্ৰতিবেদন মতে, ইজৰাইলী সেনাই আক্ৰমণ কৰা স্থানত ইছলামিক জিহাদৰ জ্যেষ্ঠ কমাণ্ডাৰসকলৰ দুটা কমাণ্ড চেণ্টাৰ আছে । আনহাতে, টাইমছ অব ইজৰাইলৰ বাতৰি অনুসৰি, গাজা ষ্ট্ৰিপত ইজৰাইলৰ বিমান আক্ৰমণত শুকুৰবাৰে এজন জ্যেষ্ঠ পেলেষ্টাইনী ইছলামিক জিহাদৰ সদস্য নিহত হয় । চলিত সপ্তাহৰ আৰম্ভণিতে সংঘটিত শেহতীয়া পৰ্যায়ৰ শত্ৰুতাৰ পিছত এইটো ষষ্ঠ ঘটনা ।