ইণ্টাৰনেশ্যনেল ডেস্ক,২০ নৱেম্বৰ :যোৱা ৭ অক্টোবৰৰ পৰা ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ অব্যাহত আছে । ইজৰাইলে গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে । বিমান আক্ৰমণৰ সমান্তৰালকৈ স্থল বাহিনীয়েও যুদ্ধ সম্প্ৰসাৰিত কৰিছে । এই সংঘৰ্ষৰ ফলত গাজাত পেলেষ্টাইনীৰ মৃত্যুৰ সংখ্যা ১৩,০০০ অতিক্ৰম কৰিছে ।
গাজাৰ চৰকাৰী সংবাদ মাধ্যমৰ তথ্য অনুসৰি মৃত লোকসকলৰ ভিতৰত ৫,৫০০ টা শিশু আৰু ৩,৫০০ গৰাকী মহিলা আছিল । আনহাতে ৩০,০০০ ৰো অধিক লোক গুৰুতৰভাৱে আহত হোৱাৰ কথা সদৰী কৰিছে গাজা কৰ্তৃপক্ষই ।
ইয়াৰ লগে লগে সন্ধানহীন লোকৰ সংখ্যাও বৃদ্ধি পাইছে । ইজৰাইল আৰু হামাছৰ সংঘৰ্ষৰ ফলত সন্ধানহীন লোকৰ সংখ্যা ৬,০০০ অতিক্ৰম কৰিছে । ইজৰাইলৰ আক্ৰমণত ধ্বংস হোৱা অট্টালিকাৰ ধ্বংসস্তূপৰ তলত এতিয়াও ৪,০০০ শিশু আৰু মহিলা থকাৰ সন্দেহ কৰা হৈছে । ৭ অক্টোবৰত দক্ষিণ ইজৰাইলত হামাছৰ আকস্মিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ ইজৰাইলে যোৱা কেইবা দিনো ধৰি গাজাত আক্ৰমণ চলাই আহিছে ।