অসম

assam

ETV Bharat / international

Terrorism Case Against Imran Khan: ইমৰান খানৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ গোচৰ ৰুজু

এইবাৰ আন এক সংকটত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান ৷ ইমৰান খানৰ দল 'পিটিআই'ক নিষিদ্ধ সংগঠন হিচাপে ঘোষণাৰ পৰিকল্পনাৰ সমান্তৰালভাৱে দলটোৰ সদস্যৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ গোচৰ ৰুজু পাকিস্তান আৰক্ষীৰ(Terrorism Case Against Imran Khan) ৷

By

Published : Mar 19, 2023, 10:30 PM IST

Pakistan terrorisms case filed against Imran Khan
ইমৰান খানৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ গোচৰ ৰুজু

নেশ্যনেল ডেস্ক, 19 মাৰ্চ: পাকিস্তান কঁপাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু তেহৰিক-ই-ইনচাফে ৷ শেহতীয়াকৈ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল তেহৰিক-ই-ইনচাফক নিষিদ্ধ ঘোষণা কৰিবলৈ যোজা চলি থকাৰ মাজতেই এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ গোচৰ ৰুজু হোৱাৰ খবৰ পোহৰলৈ আহিছে (Terrorism Case Against Imran Khan) ৷ শনিবাৰে ইমৰাণ খানে ইছলামাবাদ আদালতত হাজিৰ হ’বলৈ আহোঁতেই তেওঁৰ কনভয়ত অহা সমৰ্থকসকলে আদালত চৌহদৰ বাহিৰত হুলস্থূলৰ সৃষ্টি কৰিছিল ৷ তাৰ পিচতেই অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ জাফৰ ইকবালে এই শুনানি ৩০ মাৰ্চলৈ স্থগিত ৰাখিছিল ৷

দেওবাৰে পাকিস্তানী আৰক্ষীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ প্ৰায় এক ডজন নেতাৰ বিৰুদ্ধে ভঙা চিঙা কৰা, নিৰাপত্তাকৰ্মীৰ ওপৰত আক্ৰমণৰ লগতে বহিষ্কৃত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰৰ সময়ত আদালত চৌহদৰ বাহিৰত হুলস্থূল সৃষ্টি কৰাৰ অভিযোগত সন্ত্ৰাসবাদ বিৰোধী আইনৰ (চিএএ) বিভিন্ন ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰে ।

শনিবাৰে ইছলামাবাদ ন্যায়িক আদালতৰ চৌহদৰ বাহিৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমৰ্থক আৰু নিৰাপত্তাকৰ্মীৰ মাজত তুমুল সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছিল । পিটিআই কৰ্মী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সময়ত ২৫ জন সুৰক্ষা কৰ্মী আহত হৈছিল ৷ ইছলামাবাদ আৰক্ষীয়ে দাখিল কৰা এজাহাৰত ১৭ জন পিটিআই নেতাৰ নাম উল্লেখ কৰা হৈছে। কৰ্মীসকলে আৰক্ষীৰ চেক পোষ্ট আৰু ন্যায়িক কমপ্লেক্সৰ মুখ্য প্ৰৱেশদ্বাৰ ভাঙি পেলাইছিল ৷ ইয়াৰোপৰি আৰক্ষীয়ে ন্যায়িক কমপ্লেক্স ভৱনত অগ্নিসংযোগ, শিলগুটি নিক্ষেপ আৰু ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগত ১৮ জন লোকক আটক কৰা হৈছিল ।

এজাহাৰত উল্লেখ কৰা অনুসৰি, সংঘৰ্ষৰ সময়ত দুখন আৰক্ষীৰ বাহন আৰু সাতখন মটৰচাইকেল জ্বলাই দিয়া হৈছিল ৷ সমৰ্থকসকলে ইয়াতেই ক্ষান্ত নাথাকি ভাৰপ্ৰাপ্ত আৰক্ষী থানাৰ চৰকাৰী বাহনো ক্ষতিগ্ৰস্ত কৰে ।

এই ঘটনাৰ পিচতে পিটিআইৰ নেতা ফাৱাদ চৌধুৰীয়ে কয় যে, সংগঠনটোৱে ইমৰান খানৰ বাসগৃহত সংঘটিত কৰা "অবৈধ কাৰ্য" আৰু হিংসাত জড়িত থকা আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব । লগতে তেওঁ এটা টুইটত উল্লেখ কৰে যে আজি দলটোৰ আইনী দলৰ এখন বৈঠক আহ্বান কৰা হৈছে । যি ধৰণে আৰক্ষীয়ে লাহোৰ উচ্চ ন্যায়ালয়ৰ আদেশ অমান্য কৰি ইমৰান খানৰ বাসগৃহত প্ৰৱেশ কৰিছিল সেইয়া কোনোপধ্যেই মানি লোৱা নহ’ব ৷ ইমৰান খানৰ বাসগৃহৰ পৰা সামগ্ৰী চুৰি হোৱাৰ ঘটনাও সংঘটিত হৈছিল ৷

তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ মুৰব্বী ইমৰান খানে তেওঁৰ সম্পত্তি সম্পৰ্কীয় ঘোষণাপত্ৰত উপহাৰৰ বিৱৰণ লুকুৱাই ৰখাৰ অভিযোগত পাকিস্তানৰ নিৰ্বাচন আয়োগে দাখিল কৰা অভিযোগৰ শুনানিত উপস্থিত থাকিবলৈ ইছলামাবাদ আদালতত উপস্থিত হৈছিল ৷

লগতে পঢ়ক:Amritpal Singh hunt updates: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী চাৰি খালিস্তান সমৰ্থক

ABOUT THE AUTHOR

...view details