নিউজ ডেস্ক, ২৩ জুলাই : শ্ৰীলংকা আৰক্ষীয়ে শনিবাৰে কয় যে চলিত মাহৰ আৰম্ভণিতে চৰকাৰবিৰোধী প্ৰতিবাদকাৰীসকলে (Srilanka Economic crisis) এই চৌহদসমূহ দখল কৰাৰ পিছত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি প্ৰাসাদ আৰু প্ৰধানমন্ত্ৰীৰ টেম্পল ট্ৰিজত থকা চৰকাৰী বাসভৱনৰ পৰা পুৰণি আৰু প্ৰাচীন মূল্যমূল্যৱান সামগ্ৰীসহ ১,০০০ তকৈও অধিক মূল্যৱান শিল্পকলা সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে (1000 valuable artefacts missing from Presidential Palace Srilanka) ।
উল্লেখ্য, ৯ জুলাইত চৰকাৰবিৰোধী প্ৰতিবাদকাৰীসকলে প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে (former President Gotabaya Rajapaksa) আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংহেৰ (former President Gotabaya Rajapaksa) বাসগৃহ দখল কৰে আৰু তাৰ চৌহদত প্ৰৱেশ কৰি চৰকাৰে অভূতপূৰ্ব অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিব নোৱাৰাৰ প্ৰতিবাদত এটা অট্টালিকাত অগ্নিসংযোগ কৰে । প্ৰাৰম্ভিক অনুসন্ধানৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতি প্ৰসাদৰ লগতে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ পৰা বিৰল শিল্পকলাসহ কমেও ১,০০০ মূল্যৱান সামগ্ৰী নিৰুদ্দেশ হৈছে । ৱেব পৰ্টেল কলম্বো পেজে আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি এনেদৰে কয় । আনহাতে, এই কাৰ্যৰ তদন্ত আৰম্ভ কৰিবলৈ বিশেষ অনুসন্ধান দল গঠন কৰা হৈছে বুলিও তাত কোৱা হৈছে (Special investigation teams formed) ।
অনুসন্ধানকাৰী বিষয়াসকলৰ আন এক মূৰৰ কামোৰণি হৈছে যে শ্ৰীলংকাৰ পুৰাতত্ত্ব বিভাগৰ ওচৰত ৰাষ্ট্ৰপতি প্ৰাসাদত থকা প্ৰাচীন বস্তু আৰু বিভিন্ন শিল্পকলাৰ বিতং ৰেকৰ্ড নাই । অৱশ্যে ইয়াক পুৰাতাত্ত্বিক গুৰুত্বপূৰ্ণ স্থান হিচাপে ৰাজপত্ৰিত কৰা হৈছে বুলিও প্ৰতিবেদনত কোৱা হৈছে । পুৰাতত্ত্ব বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই লংকাদীপা বাতৰিকাকতক কয় যে নিৰুদ্দেশ হোৱা প্ৰাচীন বস্তুৰ সঠিক সংখ্যাৰ বিষয়ে নিৰ্দিষ্ট আৰু স্পষ্ট তথ্য পোৱাটো কঠিন হ'ব । কিন্তু আৰক্ষীয়ে অনুমান কৰিছে যে এই পৰিমাণ ১,০০০তকৈ ওপৰত হ'ব পাৰে ।