অসম

assam

By

Published : Mar 26, 2022, 10:41 AM IST

ETV Bharat / international

Russia Ukraine War : ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ নতুন মোৰ

শেহতীয়াকৈ ইউক্ৰেইনৰ ডনবাছ অঞ্চল দখল কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে ৰাছিয়াই । যাৰ পৰিপ্ৰেক্ষিতত ইউক্ৰেইন সেনাই তীব্ৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিছে ।

Russia Ukraine War
ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ নতুন মোৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ মাৰ্চ :ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ অব্যাহত আছে (Russia Ukraine war) । ৰাছিয়াই ইতিমধ্যে ইউক্ৰেইনৰ বহু কেইখন মুখ্য চহৰত আক্ৰমণ কৰিছে । একপ্ৰকাৰ ৰাছিয়াৰ সেনাই দখল কৰিছে চহৰসমূহ । শেহতীয়াকৈ ৰাজধানী চহৰ কিভত ৰাছিয়াই আক্ৰমণ কৰিছিল (Russian troops attacked in Kyiv)।

কিন্তু সম্প্ৰতি ৰাছিয়াই কিভ চহৰৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছে । ইয়াৰ পৰিৱৰ্তে ডনবাছ অঞ্চলৰ প্ৰতিহে গুৰুত্ব দিছে । যাৰ বাবে এই যুদ্ধই আন এক গতি লোৱা দেখা গৈছে । ইফালে শেহতীয়াভাৱে ৰাছিয়ান সেনাৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে ইউক্ৰেইন সেনা ।

উল্লেখ্য যে, পূৱ ইউক্ৰেইনৰ ডনবাছ অঞ্চলৰ ওপৰত ২০১৪ চনৰ পৰাই ৰাছিয়াই আধিপত্য বিস্তাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল । এই যুদ্ধৰ পূৰ্বেও সেই অঞ্চলটো ৰাছিয়াক গতাই দিব লাগে বুলি ৰাষ্ট্ৰপতি পুটিনে দাবী কৰিছে । যাৰ বাবে ডনবাছ অঞ্চলৰ প্ৰতি পুনৰ ৰাছিয়াই ধ্যান দিয়া পৰিলক্ষিত হৈছে ।

ইয়াৰ মাজতে শান্তি আলোচনাৰ বাবে ইউক্ৰেইন পক্ষই বাৰে বাৰে ৰাছিয়াক আহ্বান জনাই আহিছে । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে শুকুৰবাৰেও পুনৰ ৰাছিয়াক যুদ্ধৰ সমাপ্তিৰ বাবে আলোচনা কৰিবলৈ আহ্বান জনায় (President Zelensky again urged Russia to discuss) । কিন্তু পুটিনে কয় যে, ইউক্ৰেইনত শান্তি প্ৰতিষ্ঠাৰ বাবে কোনো এটা অঞ্চলে পৰিত্যাগ কৰা নহ'ব ।

ইফালে দেশখনৰ বহু ঠাইত পুটিনৰ সেনা বাহিনী যথেষ্ট চাপত থকা দেখা গৈছে । যিহেতু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য দেশে ইউক্ৰেইনলৈ অস্ত্ৰ-শস্ত্ৰৰ যোগান অব্যাহত ৰাখিছে । অৱশ্যে ৰাছিয়ান জেনেৰেল ষ্টাফৰ উপ প্ৰধানগৰাকীয়ে দাবী কৰা মতে ৰাছিয়াৰ মুখ্য উদ্দেশ্য বিশেষ সামৰিক অভিযানত ইতিমধ্যে সফল হৈছে ৰাছিয়া ।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ শেহতীয়া অগ্ৰগতি :

  • এছ'চিয়েটেড প্ৰেছে প্ৰকাশ কৰা মতে, ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত কমেও ৩৪ টাতৈ আক্ৰমণ কৰিছে ।
  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে ইউক্ৰেইনৰ সমীপত থকা পোলেণ্ডৰ এটা আমেৰিকান সেনা শিবিৰ পৰিদৰ্শন কৰে ।
  • ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণত সশস্ত্ৰ বাহিনীৰ বিভিন্ন বিকল্প গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।
  • ইউক্ৰেইনৰ মতে মাৰিয়াপ’লৰ থিয়েটাৰত হোৱা এয়াৰ ষ্ট্ৰাইকত ৩০০ গৰাকী লোক নিহত হৈছে ৷ খাদ্য সংকটত পৰিছে বিভিন্ন অঞ্চল ।
  • ৰাছিয়াৰ বহু শীৰ্ষ পদবীৰ লোকে চাকৰিৰ পৰা পদত্যাগ কৰে ৷ ইউক্ৰেইনৰ বিৰুদ্ধে এই যুদ্ধক সমৰ্থন কৰিবলৈ অস্বীকাৰ বহুলোকৰ ।
  • ইউৰোপীয় ইউনিয়ন, আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ শক্তি হ্ৰাস কৰিবলৈ সহায়ৰ হাত আগবঢ়াইছে ৷
  • সাম্ভাব্য গোচৰৰ বাবে যুদ্ধৰ আন্তৰ্জাতিক আইন উলংঘনৰ প্ৰমাণ সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে এক বিশাল প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

লগতে পঢ়ক :NATO report: ইউক্ৰেইনত মৃত্যু ৭০০০ ৰ পৰা ১৫০০০ ৰাছিয়ান সৈন্যৰ

ABOUT THE AUTHOR

...view details