ইন্টাৰনেশ্যনেল ডেস্ক, ৫ আগষ্ট :সমগ্ৰ বিশ্বতে দ্ৰুতগতিত বিয়পিছে অ’মিক্ৰণ ৷ বিগত মাহত প্ৰথমবাৰৰ বাবে ক’ভিড মহামাৰীৰ নতুন ভেৰিয়েণ্টে ব্ৰিটেইনত দ্ৰুতগতিত বিয়পিব ধৰিছে ৷ এই তথ্য সদৰী কৰিছে ইংলেণ্ডৰ স্বাস্থ্য কৰ্তৃপক্ষই ৷
ব্ৰিটেইনৰ স্বাস্থ্য সুৰক্ষা সংস্থাই (UK Health Security Agency চমুকৈ UKHSA) প্ৰকাশ কৰা অনুসৰি, EG.৫.১ ত নতুনকৈ ৭ জন লোক ক’ভিডত আক্ৰান্ত হৈছে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষকৈ এছিয়াত বৃদ্ধি পাইছে এই ৰোগীৰ সংখ্যা ৷ সেয়ে দেশখনত ইয়াৰ প্ৰাদুৰ্ভাৱৰ নথিভুক্ত কৰাৰ পিচত ৩১ জুলাইত ইয়াক এটা ভিন্নতা হিচাপে শ্ৰেণীভুক্ত কৰা হয় ।
UKHSA ই জনোৱা মতে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষকৈ এছিয়াত বৃদ্ধি পোৱাৰ প্ৰতিবেদনৰ প্ৰতি লক্ষ্য ৰাখি ২০২৩ চনৰ ৩ জুলাইত নিৰীক্ষণৰ সংকেত হিচাপে EG.৫.১ প্ৰথমবাৰৰ বাবে নামাকৰণ কৰা হয় ৷ তাৰ পিচত ব্ৰিটেইনৰ তথ্য মতে, জিনমৰ সংখ্যা বৃদ্ধিৰ বাবে ইয়াক নিৰীক্ষণৰ সংকেতৰ পৰা ২০২৩ চনৰ ৩১ জুলাইত এটা ভিন্নতা V-২৩JUL-০১ কৰা হয় ৷
বিশ্ব স্বাস্থ্য সংস্থাই (WHO) মাত্ৰ দুসপ্তাহৰ আগতে EG.৫.১ ভেৰিয়েন্টক অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছিল ৷ WHO ৰ সঞ্চালক প্ৰধান Tedros Adhanom Ghebreyesus এ কয় যে যদিও দেশৰ তথা বিশ্ববাসী ভেকচিন আৰু ইয়াৰ পূৰ্বৰ সংক্ৰমণৰ দ্বাৰা অধিক সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিছে ৷ কিন্তু প্ৰতিখন দেশে নিজৰ সতৰ্কতা বৃদ্ধি কৰাটো প্ৰয়োজন, যিটো বৰ্তমান হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ।
এই নতুন ভেৰিয়েন্টটো অধিক গুৰুতৰ বুলি বৰ্তমান পৰ্যন্ত কোনোধৰণৰ ইংগিত পোৱা নাই ৷ কাৰণ শেহতীয়া UKHSA ৰ তথ্য মতে, এতিয়া দেশৰ সকলো ক’ভিড ৰোগীৰ ১৪.৬ শতাংশই ইয়াৰ অংশ, আনকি ক’ভিড-১৯ ৰোগীৰ হাৰো ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে ।