অসম

assam

ETV Bharat / international

Khalistani Supportes Misdeed : মেলব’ৰ্ণত ভাৰতীয় ছাত্ৰক আক্ৰমণ খালিস্তানী সমৰ্থকৰ; গ্ৰেপ্তাৰ ২

অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ণত ভাৰতৰ জাতীয় পতাকাক অপমান খালিস্তানী সমৰ্থকৰ(Khalistani supporters attack Indian students in Melbourne) । লগতে ভাৰতীয় জাতীয় পতাকাকো কৰে অসন্মান ।

By

Published : Jan 30, 2023, 7:25 PM IST

Khalistan
Khalistan

ইণ্টাৰনেচনেল ডেস্ক, ৩০ জানুৱাৰী : এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰমত দেওবাৰে অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ণত খালিস্তান গণভোট অনুষ্ঠানৰ সময়ত খালিস্তানী বিচ্ছিন্নতাবাদীসকলে প্ৰবাসী ভাৰতীয়সকলৰ সৈতে সংঘৰ্ষত লিপ্ত হয় (Khalistani supporters attack Indian students in Melbourne) । 'দ্য অষ্ট্ৰেলিয়া টুডে'ৰ (The Australia Today) এক প্ৰতিবেদন অনুসৰি, ভাৰতীয় অষ্ট্ৰেলিয়ানসকলে দেশখনত বৰ্ধিত খালিস্তানপন্থী কাৰ্যকলাপৰ বিৰুদ্ধে মেলব’ৰ্ণৰ ফেডাৰেচন স্কোৱেৰত প্ৰতিবাদৰ পৰিকল্পনাৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল । তথাপিও কেইবাজনো খালিস্তানী সমৰ্থকে প্ৰবাসী ভাৰতীয়সকলৰ ওপৰত তৰোৱালেৰে আক্ৰমণ কৰে (Khalistani Radical Separatists clashed with Indian diaspora) ।

উল্লেখনীয় যে খালিস্তান আন্দোলন হৈছে এক শিখ বিচ্ছিন্নতাবাদী আন্দোলন, যি পঞ্জাব অঞ্চলত খালিস্তান (Khālistān) নামৰ এখন সাৰ্বভৌম ৰাষ্ট্ৰ স্থাপন কৰি শিখসকলৰ বাবে স্বদেশ গঢ়িবলৈ বিচাৰিছে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ভোটদান কৰাসকলক "ভাৰতশাসিত পঞ্জাব এখন স্বাধীন দেশ হ'ব লাগে নেকি ?" এই বিষয়টোত হয় বা নহয় উত্তৰ দিবলৈ গণভোটত প্ৰশ্ন কৰা হৈছিল (pro Khalistan activities in India) ।

খালিস্তানী সমৰ্থকসকলক ভাৰতীয় জাতীয় পতাকা কাঢ়ি নিয়াও দেখা যায়

আনহাতে, খালিস্তানীপন্থীয়ে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক আক্ৰমণ কৰা ঘটনাটোৰ কেইবাটাও ভিডিঅ' ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে । তাত প্ৰকাশ পোৱা অনুসৰি, তেওঁলোকে মেলব’ৰ্ণত ত্ৰিৰংগ উত্তোলন কৰাৰ সময়ত শিক্ষাৰ্থীসকলক আক্ৰমণ কৰিছিল (Khalistani supporters snatching Indian flag) । কেইবাটাও ভিডিঅ'ত খালিস্তানী সমৰ্থকসকলক এজন ভাৰতীয়ৰ পৰা ভাৰতীয় জাতীয় পতাকা কাঢ়ি লৈ ত্ৰিৰংগ ক্ষতিগ্ৰস্ত কৰাও দেখা গৈছে (pro Khalistani attacked Indian diaspora) ।

ইফালে বিজেপি নেতা মনজিন্দৰ সিং চিৰছাই 'অষ্ট্ৰেলিয়াত খালিস্তানীপন্থীৰ ভাৰতবিৰোধী কাৰ্যকলাপ'ক গৰিহণা দিছে । "মই অষ্ট্ৰেলিয়াত খালিস্তানীপন্থীসকলৰ ভাৰতবিৰোধী কাৰ্যকলাপক তীব্ৰ গৰিহণা দিছোঁ । এই কাৰ্যকলাপৰ সৈতে দেশৰ শান্তি আৰু সম্প্ৰীতি ব্যাহত কৰিবলৈ চেষ্টা কৰি থকা অসামাজিক উপাদানবোৰক শক্তিশালীভাৱে মোকাবিলা কৰিব লাগিব আৰু অপৰাধীসকলক আয়ত্তলৈ আনিব লাগিব ।" তেওঁ টুইটাৰত এনেদৰে লিখিছে ।

Theage.com.au-ৰ এক প্ৰতিবেদন অনুসৰি, উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন ৩৪ বছৰীয়া আৰু এজন ৩৯ বছৰীয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । লগতে উগ্ৰ আচৰণ প্ৰদৰ্শনৰ বাবে জৰিমনাৰ জাননীও জাৰি কৰিছে ।

লগতে পঢ়ক :Explosion in Peshawar Mosque : পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণত নিহত ২৫

ABOUT THE AUTHOR

...view details