ইন্টাৰনেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ :ভয়ংকৰ ৰূপ লৈছে হামাছ-ইজৰাইলৰ যুদ্ধই ৷ শেহতীয়াকৈ ইজৰাইলে গাজাৰ আল-মাগাজী শৰণাৰ্থী শিবিৰত চলোৱা এয়াৰ ষ্ট্ৰাইকত প্ৰায় 68 জন পেলেষ্টাইনী নিহত হোৱা বুলি বাতৰিত প্ৰকাশ পাইছে ৷ ইয়াৰে 12 গৰাকী মহিলা আৰু 7 টি শিশু আছে বুলি জানিব পৰা গৈছে ৷ ইফালে হামাছৰ প্ৰত্যুত্তৰ আক্ৰমণত ইজৰাইলৰ 15 জনকৈ সৈনিক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷
ইজৰাইলে গাজাৰ আল-মাগাজী শৰণাৰ্থী শিবিৰত চলোৱা আক্ৰমণৰ পাচৰ ঘটনাৰ বৰ্ণনা কৰিছে পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই ৷ তেওঁ কয়, ‘‘ এয়াৰষ্ট্ৰাইকৰ পাছত বহুতৰে শৰীৰ টুকুৰা-টুকুৰকৈ হৈ পৰিছিল ৷ বহুত আবদ্ধ হৈ পৰিছিল ৷ চাৰিওফালে আৰ্তনাদ শুনিবলৈ পোৱা গৈছিল ৷ ইজৰাইলে গণহত্যা কৰিছে ৷’’
আনহাতে এই ক্ষেত্ৰত ইজৰাইলী সামৰিক বাহিনীৰ তাৎক্ষণিক কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷ ইফালে শুকুৰবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে ৷ য’ত উল্লেখ আছিল যেতিয়ালৈকে আমাৰ লক্ষ্য পূৰণ নহয় তেতিয়ালৈকে গাজাত আক্ৰমণ চলিয়েই থাকিব ৷