ইন্টাৰনেশ্যনেল ডেস্ক, 7 জানুৱাৰী : ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰাৰ কৌশল সলনি কৰিছে হামাছে ৷ এইবাৰ ইজৰাইলী সেনাৰ বিৰুদ্ধে হামাছে নিয়োগ কৰিব নেকি শিশুযোদ্ধাক ৷ তাৰ যেন প্ৰস্তুতি নামি পৰিছে হামাছে ৷ উল্লেখ্য যে, এখন বিদ্যালয়ত লুকাই থকা হামাছৰ সৈতে যুঁজ দিয়াৰ সময়ত খান য়ুনিছৰ উপকণ্ঠত থকা হামাছৰ এজন কামাণ্ডাৰৰ ঘৰত হিংসাৰ বাবে উদগনি দিয়াৰ বাবে প্ৰস্তুত কৰা অস্ত্ৰ আৰু খেলা সামগ্ৰী উদ্ধাৰ কৰে ইজৰাইলী সেনাই ৷
এই সন্দৰ্ভত শনিবাৰে ইজৰাইলী প্ৰতিৰক্ষা বিভাগে কৈছিল যে, খান য়ুনিছৰ বানি চুহেইলা চুবুৰীয়া অঞ্চলত বিদ্যালয়ৰ ভিতৰত ইজৰাইলী সেনা আৰু হামাছৰ মাজত হোৱা সংঘৰ্ষৰ ফলত তিনিজন হামাছ নিহত হৈছে ৷ নিহত তিনিওজনে হামাছৰ খান য়ুনিছ ব্ৰিগেডৰ বিষয়ে আৰ পি জি আৰু চোৰাংচোৱা তথ্য কঢ়িয়াই আনিছিল ।
ইফালে হামাছৰ এজন ব্ৰিগেডৰ ঘৰৰ ভিতৰত গ্ৰেনেড, মেগজিনসহ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছিল ইজৰাইল সেনাই । আই ডি এফে কয়, শিশুৰ শোৱনি কোঠাৰ ভিতৰত কিছুমান অস্ত্ৰ বিভিন্ন পুতলা আৰু খেল সামগ্ৰীৰ কাষত পোৱা গৈছিল ।