ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ মে' :পেলেষ্টাইন আৰু ইজৰাইলৰ মাজৰ সংঘৰ্ষ অব্যাহত আছে (Israeli Palestinian conflict)। পুনৰ পেলেষ্টাইনত ইজৰাইলৰ আক্ৰমণ । পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে এক প্ৰেছ বিবৃতিত কয় যে গাজা চহৰৰ এটা এপাৰ্টমেণ্টত ইজৰাইলী বিমান আক্ৰমণত পেলেষ্টিনিয়ান ইছলামিক জিহাদ (PIJ) আন্দোলনৰ সশস্ত্ৰ শাখা আল-কুদছ ব্ৰিগেডৰ এজন জ্যেষ্ঠ সদস্য নিহত হয় (Al Quds Brigades was killed in Gaza)।
ইছলামিক প্ৰতিৰোধ আন্দোলন (হামাস)ৰ দ্বাৰা পৰিচালিত মন্ত্ৰালয়ে শুকুৰবাৰে প্ৰকাশ কৰা বিবৃতিত আল-নাছেৰ চুবুৰীয়া অঞ্চলত হোৱা আক্ৰমণত দুগৰাকী পেলেষ্টাইনৰ নাগৰিক নিহত হয় আৰু ৫ জন আন নাগৰিক আহত হয় বুলি জানিব পৰা গৈছে (Hamas reacts over Israeli airstrike)। মন্ত্ৰালয়ে ভুক্তভোগীসকলক পিআইজে উগ্ৰপন্থী ইয়াদ আল-হাছানি আৰু মহম্মদ আব্দেল আল বুলি চিনাক্ত কৰিছে । ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, ইয়াদ আল-হাছানী পিআইজেৰ অভিযানৰ নেতৃত্ব দিয়া আৰু সামৰিক সিদ্ধান্ত লোৱাত এক গুৰুত্বপূৰ্ণ ব্যক্তি আছিল ।
ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ বিবৃতি অনুসৰি আল-হাছানী সংগঠনটোৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি আছিল আৰু ইজৰাইলৰ বিৰুদ্ধে ৰকেট উৎক্ষেপণ আৰু বেৰেজ সম্পৰ্কীয় সকলো কামতে জড়িত আছিল । পিআইজেৰ সশস্ত্ৰ শাখাই এক বিবৃতিত কৈছে যে সংগঠনটোৰ নেতাসকলক হত্যা কৰিলে তেওঁলোকৰ প্ৰতিৰোধ বন্ধ নহয় । স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে মঙলবাৰে ইজৰাইলে পিআইজেৰ সশস্ত্ৰ শাখাত বিমান আক্ৰমণ আৰম্ভ কৰাৰ পাছত ৩৩ জন লোক নিহত আৰু ১০০ ৰো অধিক লোক আহত হৈছে ।