অসম

assam

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 7:36 PM IST

ETV Bharat / international

Israel Hamas war : স্থল আক্ৰমণৰ আশংকা বৃদ্ধি পোৱাৰ সময়তে ইজৰাইলৰ বিমান আক্ৰমণত 50 জনতকৈ অধিক পেলেষ্টাইনী লোকৰ মৃত্যু

গাজাৰ হামাছ পৰিচালিত আভ্যন্তৰীণ মন্ত্ৰালয়ে দেওবাৰলৈকে নিশাৰ ভিতৰতে সমগ্ৰ ভূখণ্ডত ইজৰাইলে তীব্ৰ বিমান আক্ৰমণ চলোৱাৰ বাতৰি প্ৰকাশ কৰিছে, য’ত ইজৰাইলে পেলেষ্টাইনীসকলক আশ্ৰয় ল’বলৈ কোৱা দক্ষিণ অঞ্চলসমূহো অন্তৰ্ভুক্ত। মন্ত্ৰালয়ে জনোৱা মতে, আঘাতপ্ৰাপ্ত স্থানসমূহৰ ভিতৰত ঘৰ আৰু খালী কৰা অঞ্চলৰ এটা কেফেও আছে য’ত কেইবা ডজনো স্থানচ্যুত বাসিন্দাই আশ্ৰয় বিচাৰিছিল।

Israel Hamas war
ইজৰাইলৰ বিমান আক্ৰমণ

ইন্টাৰনেশ্যনেল ডেস্ক, 22 অক্টোবৰ : দেওবাৰে গাজাৰ চিকিৎসা সূত্ৰই জনোৱা মতে, গাজা ষ্ট্ৰিপত ইজৰাইলৰ বিমান আক্ৰমণত নিশাৰ ভিতৰতে 50 জনতকৈ অধিক পেলেষ্টাইনী নিহত হয় ৷ গাজাৰ 23 লাখ পেলেষ্টাইনী, যাৰ আধা সংখ্যকেই ঘৰ এৰি পলায়ন কৰিছে আৰু লেতেৰা পানী খাই আছে ৷ ভূখণ্ডজুৰি বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ সময়তে চিকিৎসালয়সমূহে কয় যে তেওঁলোকৰ চিকিৎসা সামগ্ৰী আৰু জৰুৰীকালীন জেনেৰেটৰত ইন্ধনৰ অভাৱ হৈছে ৷ হামাছৰ দ্বাৰা পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ইন্ধনৰ নাটনি আৰু বোমা বিস্ফোৰণৰ ক্ষতিৰ বাবে পাঁচখন চিকিৎসালয়ৰ কাম বন্ধ হৈ পৰিছে ৷

ইফালে গাজাৰ হামাছ পৰিচালিত আভ্যন্তৰীণ মন্ত্ৰালয়ে দেওবাৰলৈকে নিশাৰ ভিতৰতে সমগ্ৰ ভূখণ্ডত ইজৰাইলে তীব্ৰ বিমান আক্ৰমণ চলোৱাৰ বাতৰি প্ৰকাশ কৰিছে ৷ য’ত ইজৰাইলে পেলেষ্টাইনীসকলক আশ্ৰয় ল’বলৈ কোৱা দক্ষিণ অঞ্চলসমূহো অন্তৰ্ভুক্ত হৈছে ৷ মন্ত্ৰালয়ে জনোৱা মতে আঘাতপ্ৰাপ্ত স্থানসমূহৰ ভিতৰত ঘৰ আৰু খালী কৰা অঞ্চলৰ এটা কেফেও আছে য’ত কেইবা ডজনো স্থানচ্যুত বাসিন্দাই আশ্ৰয় বিচাৰিছিল ৷

ইজৰাইলৰ সেনাই হামাছৰ সদস্য আৰু ইনষ্টলেশ্যনত আক্ৰমণ চলোৱা বুলি কয় যদিও সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা নাই ৷ ইফালে ইজিপ্ত আৰু গাজাৰ মাজৰ সীমান্ত ক্ৰছিংটো শনিবাৰে মুকলি কৰা হয় যাতে ইজৰাইলে দুসপ্তাহ পূৰ্বে হামাছৰ ৰক্তাক্ত আক্ৰমণৰ পিছত ইজৰাইলে ইয়াক ছীল কৰি বিমান আক্ৰমণেৰে আঘাত কৰিবলৈ আৰম্ভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ঘেৰাও কৰা পেলেষ্টাইনৰ ভূখণ্ডলৈ অতি প্ৰয়োজনীয় সাহায্য নিব পৰা হৈছে ৷

মাত্ৰ 20 খন ট্ৰাকহে সোমাবলৈ দিয়া হৈছিল, যাৰ পৰিমাণ সাহায্য কৰ্মীসকলে অভূতপূৰ্ব মানৱীয় সংকটৰ সৈতে মোকাবিলা কৰিবলৈ অপৰ্যাপ্ত বুলি কয় ৷ তিনি হাজাৰ টন সাহায্য কঢ়িয়াই অনা 200ৰো অধিক ট্ৰাকে ওচৰতে দিনৰ পাছত দিন অপেক্ষা কৰি আছে ৷

ইজৰাইলে হামাছক উৎখাত কৰাৰ লক্ষ্যৰে আক্ৰমণ কৰা হ’ব বুলি কোৱা স্থল আক্ৰমণৰ উদ্বেগ ক্ৰমাৎ বৃদ্ধি পাইছে ৷ শুকুৰবাৰে ইজৰাইলে কয় যে তেওঁলোকে সৰু কিন্তু ঘন জনবসতিপূৰ্ণ পেলেষ্টাইন ভূখণ্ডৰ ওপৰত দীৰ্ঘম্যাদী নিয়ন্ত্ৰণ লোৱাৰ পৰিকল্পনা কৰা নাই ৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুৱে শনিবাৰে সন্ধিয়া নিজৰ মন্ত্ৰীসভা আহ্বান কৰি আশা কৰা ধৰণৰ আক্ৰমণৰ বিষয়ে আলোচনা কৰে বুলি ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :Israel attacks Syria airports : ছিৰিয়াৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰত ইজৰাইলৰ আক্ৰমণ

ABOUT THE AUTHOR

...view details