অসম

assam

ETV Bharat / international

Pakistan political crisis : সংকটত ইমৰান খানৰ চৰকাৰ - No confidence motion against Pakistan PM Imran Khan

ভংগ হোৱাৰ দিশে ইমৰান খানৰ চৰকাৰ (Imran Khan's government towards dissolution)। বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ পাছত বিপদত ইমৰান খানৰ পিটিআই মিত্ৰজোঁট চৰকাৰ । মিত্ৰজোঁটৰ তিনিটাকৈ দলেও বিৰোধীৰ পক্ষ লৈছে । শেষ বাৰৰ বাবে চৰকাৰ ৰক্ষাৰ চেষ্টা ইমৰান খানৰ ।

Pakistan political crisis
সংকটত ইমৰান খানৰ চৰকাৰ

By

Published : Mar 27, 2022, 9:25 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ মাৰ্চ :সম্প্ৰতি পাকিস্তানৰ ৰাজনীতি গৰম হৈ আছে । বিৰোধীয়ে অনাস্থাৰ প্ৰস্তাৱ অনাৰ পাছতে সংকটত পৰিছে ইমৰান খানৰ চৰকাৰ (No-confidence motion against Pakistan PM Imran Khan)। ৮ মাৰ্চত বিৰোধীয়ে ইমৰান খান চৰকাৰৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্তাৱ দাখিল কৰিছিল । ২৮ মাৰ্চত অনাস্থাৰ ভোট অনুষ্ঠিত হ'ব । ইয়াতে স্পষ্ট হৈ পৰিব প্ৰকৃততে ইমৰানৰ খানৰ চৰকাৰ থাকিব নে নাথাকে ?

ইফালে ৰাজনৈতিক সংকটৰ কথা গম পাই প্ৰধানমন্ত্ৰী ইমৰান খানে শক্তি প্ৰদৰ্শনৰ বাবে দেওবাৰে পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই) দলৰ এক বৃহৎ সমদলৰ আহ্বান জনাইছে (Rally in support of PM Imran Khan)। যিটো সমদলক 'ভৱিষ্যতৰ বাবে যুঁজ' আখ্যা দিছে ইমৰান খানে । সূত্ৰৰ মতে ইছলামাবাদৰ এই সমদল দেশৰ আটাইতকৈ ডাঙৰ সমদল হিচাপে পৰিগণিত হৈছে । ইফালে বিৰোধী পিপলছ পেৰী (পি) আৰু পাকিস্তান মুছলিম লীগ (নৱাজ)ৰ নেতৃত্বতো বিভিন্ন চহৰৰ পৰা আৰম্ভ কৰা বিৰোধী সমৰ্থকৰ পদযাত্ৰা ইছলামাবাদত উপস্থিত হ'ব ।

জানিব পৰা মতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শাসনাধিষ্ঠ পিটিআইৰ কৰ্মীসকলে সমদলত অংশগ্ৰহণ কৰিছে । বিৰোধীৰ অনাস্থাৰ প্ৰস্তাৱৰ প্ৰতিক্ৰিয়াস্বৰূপে এই ৰাজহুৱা সমাৱেশক "আমৰ বিল মাৰুফ" বুলি অভিহিত কৰিছে । সমদলটোত উপস্থিত থাকিবলৈ ইচ্ছুক নাগৰিকসকলক প্ৰধানমন্ত্ৰী ইমৰান খানেও আহ্বান জনাইছে ।

অনাস্থা প্ৰস্তাৱত সফল হ'ব বুলি ইতিমধ্যে নিশ্চিত হৈছে বিৰোধী কিয়নো ইমৰান খানৰ পিটিআইৰ বহু নেতাও প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মুকলিকৈ ওলাই আহিছে । জানিব পৰা মতে অনাস্থা প্ৰস্তাৱৰ প্ৰসংগ অহাৰ পাছতে শাসকীয় দলৰ প্ৰায় ৫০ গৰাকী বিধায়কে আত্মগোপন কৰিছে ।

উল্লেখ্য যে পাকিস্তানী নেচনেল এচেম্বলীৰ মুঠ সংখ্যা ৩৪২ টা । সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ১৭২ গৰাকী নেতাৰ সমৰ্থন লাগিব । পিটিআই নেতৃত্বাধীন মিত্ৰজোঁট ১৭৯ গৰাকী সদস্যৰ সমৰ্থনত গঠন হৈছিল । ইমৰান খানৰ পিটিআইৰ ১৫৫ গৰাকী সদস্য আছিল আৰু চাৰিটা মুখ্য সহযোগী মুত্তাহিদা কৌমি মুভমেণ্ট-পাকিস্তান (MQM-P), পাকিস্তান মুছলিম লীগ-কায়েদ (PML-Q), বেলুচিস্তান আৱামী পাৰ্টি (BAP) আৰু মহাগণতান্ত্ৰিক মিত্ৰজোঁটৰ (GDA) সদস্য আছিল ।

প্ৰধানমন্ত্ৰী ইমৰান খান এই কাৰণেই চিন্তাত পৰিছে কিয়নো মিত্ৰজোঁটৰ ৪ টা দলৰ তিনিটাই ইতিমধ্যে বিৰোধীৰ অনাস্থাৰ প্ৰস্তাৱত সমৰ্থন জনাইছে । আনহাতে পাকিস্তানৰ বিৰোধী দলসমূহে সদনত ১৬২ গৰাকী সদস্যৰ সমৰ্থন লাভ কৰিছে । ইয়াৰ ভিতৰত ১৫৯ গৰাকীয়ে শুকুৰবাৰৰ অধিৱেশনত অংশগ্ৰহণ কৰিছিল ।

অধিৱেশনৰ ভোটদানৰ সময়ত তেওঁলোকৰ সৈতে তিনিটা শাসকীয় মিত্ৰজোঁটৰ দল ক্ৰমে MQM-P, PML-Q আৰু BAP য়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । যদিহে শাসকীয় মিত্ৰজোঁটৰ তিনিটা দলৰ নেতাইও ইমৰান খানৰ বিৰুদ্ধে ভোট দিয়ে তেনেহ'লে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিব আৰু ১৭৯ গৰাকী সদস্যই অনাস্থা প্ৰস্তাৱক সমৰ্থন কৰিব ।

লগতে পঢ়ক :হাৰ নামানে: নিজৰ স্থিতিত অচল-অটল জেলেনস্কি

ABOUT THE AUTHOR

...view details