ইণ্টাৰনেশ্যনেল ডেস্ক, 17 অক্টোবৰ: দুৰ্বৃত্তৰ বাবে বন্ধ কৰিবলগীয়া হ’ল এখন ফুটবল মেচ ৷ উল্লেখ্য যে, মঙলবাৰৰ পুৱা বেলজিয়াম আৰক্ষীয়ে এজন বন্দুকধাৰীক বিচাৰি মাৰাথন অভিযান অব্যাহত ৰাখিছে ৷ সন্দেহযুক্ত সন্ত্ৰাসবাদীজনে দুজনকৈ ছুইডেন নাগৰিকক হত্যা কৰা পিচতে নিশাৰ ভিতৰতে অন্তৰ্ধান হৈ পৰে বুলি অভিযোগ উত্থাপিত হৈছে । সন্ত্ৰাসবাদীজনে এনে এক আশংকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল যে দেশখনৰ প্ৰশাসনে বেলজিয়াম-ছুইডেনৰ মাজত অনুষ্ঠিত হ’বলগীয়া এখন ফুটবল খেল বন্ধ কৰি দিবলৈ বাধ্য হৈ পৰিছিল ৷ তদুপৰি, সতৰ্কতামূলক ব্যৱস্থা হিচাপে 35 হাজাৰ খেলৰ অনুৰাগীক কেইবাঘণ্টা ধৰি ষ্টেডিয়ামৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল বুলি জানিব দিয়ে ।
ফেডাৰেল প্ৰচিকিউটৰৰ কাৰ্যালয়ৰ মুখপাত্ৰ ভ্যান ডুয়েছে কয় যে সন্দেহযুক্ত সন্ত্ৰাসবাদীজনে নিজকে ইছলামিক ষ্টেটৰ দ্বাৰা অনুপ্ৰাণিত বুলি দাবী কৰিছে । ছুইডেনত বাস কৰা এজন ইৰাকী শৰণাৰ্থীয়ে ৰাজহুৱাভাৱে কোৰাণ জ্বলোৱাৰ ফলত ইছলামিক উগ্ৰপন্থী সংগঠনৰ ভাবুকিৰ সন্মুখীন হৈছিল দেশখনে ৷ ইয়াৰ পিছতে আগষ্ট মাহত দেশখনত সন্ত্ৰাসবাদী কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।
ইজৰাইল-হামাছ যুদ্ধৰ সৈতে এই ঘটনাৰ কোনো সম্পৰ্ক নাই বুলি ভ্যান ডুয়েছে স্পষ্ট কৰি দিছে । বেলজিয়ামত সন্ত্ৰাসবাদ বিৰোধী কেন্দ্ৰটোৱে কয় যে ৰাজধানীখনত সন্ত্ৰাসবাদী সৰ্তকতাৰ সূচাংকৰ স্থান 4 লৈ বৃদ্ধি পাইছে ৷ ইয়াৰ পূৰ্বে ইয়াৰ স্থান আছিল দ্বিতীয় । এই সূচাংক বিপদজনক বুলি বিবেচিত হৈছে ৷