ইণ্টাৰনেশ্যনেল ডেস্ক, 15 অক্টোবৰ:সংঘৰ্ষ জৰ্জৰিতইজৰাইলৰ পৰা ভাৰতলৈ উভতি আহিল‘অপাৰেচন অজয়’ ৷ ‘অপাৰেচন অজয়’ ৰ অধীনত 274 জন ভাৰতীয়ক লৈ চতুৰ্থখন বিমান দেওবাৰে পুৱা ইজৰাইলৰ পৰা ভাৰত অভিমুখে ৰাওনা হয় বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে জানিবলৈ দিয়ে ।
X যোগে জয়শংকৰে কয় যে এদিনতে ইজৰাইলৰ পৰা ভাৰতলৈ ৰাওনা হৈছে দ্বিতীয়খন বিমান । টেল আভিভৰ পৰা 274 জন যাত্ৰী ৷ উল্লেখ্য যে, ইজৰাইলত থকা প্ৰায় 18 হাজাৰ ভাৰতীয়ক ঘূৰাই অনাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰম্ভ হৈছিল 'অপাৰেচন অজয়’ অভিযান । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে এই অভিযানৰ ।
ইজৰাইলত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় কোম্পানীসমূহক সাহায্য প্ৰদান কৰাৰ লগতে সাহায্যৰ প্ৰয়োজন হোৱা ভাৰতীয় নাগৰিকসকলৰ বাবে হেল্পলাইন স্থাপন কৰিছে । ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে 24 ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছিল । এই নিয়ন্ত্ৰণ কক্ষই পৰিস্থিতি নিৰীক্ষণ কৰাত সহায় কৰাৰ লগতে প্ৰয়োজনীয় তথ্য আৰু সহায় আগবঢ়াব ।