অসম

assam

ETV Bharat / international

FIFA World Cup 2026ৰ স্থান ঘোষণা: মেক্সিকান চহৰৰ উপৰিও কানাডাত দুখন চহৰ বাছনি - first World Cup with three cohosts

FIFA ই ঘোষণা কৰিলে বিশ্বকাপ ২০২৬ ৰ বাবে নিৰ্ধাৰিত স্থান(FIFA World Cup 2026 sites) । তিনিখন সহ-আয়োজকৰ সৈতে প্ৰথম বিশ্বকাপৰ বাবে স্থান নিৰ্বাচন কৰি ঘোষণা কৰে FIFA ই(first World Cup with three cohosts) । জানো আহক ক'ত ক'ত অনুষ্ঠিত হ'ব এইবাৰৰ FIFA World Cup 2026 ৰ খেল ৷

fifa announces world cup 2026 sites
FIFA World Cup 2026 ৰ বাবে স্থান ঘোষণা: মেক্সিকান চহৰৰ উপৰিও কানাডাত দুখন চহৰ বাছনি

By

Published : Jun 17, 2022, 10:45 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক,১৭ জুন: ২০২৬ চনত অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপ(FIFA World Cup 2026) । ইয়াৰ বাবে তিনিখন মেক্সিকান চহৰ আৰু কানাডাত দুখন চহৰ বাছনি কৰে(FIFA announces World Cup 2026 sites) । বৃহস্পতিবাৰে ফিফাই প্ৰথমবাৰৰবাবে তিনিখন সহ-আয়োজকৰ সৈতে বিশ্বকাপৰ আয়োজন চলাইছে । ইয়াৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১১ খন ষ্টেডিয়াম বাচনি কৰিছে । ইয়াৰ ভিতৰত আটলাণ্টা, হিউষ্টন, মিয়ামি, ফিলাডেলফিয়া, চিয়েটল আৰু কানছাছ চিটি, মছৌৰী হৈছে নতু ষ্টেডিয়াম(Atlanta Miami Philadelphia seattle among newcomers) ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাচনিত ১৯৯৪ চনৰ বিশ্বকাপত ব্যৱহৃত ৯খন ষ্টেডিয়ামৰ এখনো এইবাৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই । কেলিফৰ্ণিয়াৰ পাচাডেনাত থকা ৰোজ বাউল আৰু অৰলেণ্ডোৰ কেম্পিং ৱৰ্ল্ড ষ্টেডিয়াম দুখনো ব্যৱহৃত হ'ব বুলি চৰ্চা চলিছিল যদিও অৱশেষত সেই দুখন ষ্টেডিয়ামো চূড়ান্ত ৰাউণ্ডত বাদ পৰিছিল ।

১৯৯৪ চনত আয়োজন কৰা চিকাগোৱে ফিফাৰ অৰ্থনৈতিক দাবী অস্বীকাৰ কৰি নিবিদা দিবলৈ অস্বীকাৰ কৰে । ১৯৭০ আৰু ১৯৮৬ চনৰ ফাইনেল আয়োজন কৰা মেক্সিকো চিটিৰ এষ্টাডিঅ’ এজটেকা তিনিখন বিশ্বকাপৰ ফাইনেল আয়োজন কৰা প্ৰথম ষ্টেডিয়াম হ'বলৈ গৈ আছে ।

স্থান ঘোষণাৰ পাছতেই FIFA World Cup 2026 ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰতিখন দেশে । প্ৰতিখন দেশৰ লগতে ভাৰতৰ পৰাও সাজু কৰা হৈছে দল ।

লগতে পঢ়ক:নীৰজৰ শিৰত আন এক অভিলেখ

ABOUT THE AUTHOR

...view details