ইণ্টাৰনেশ্যনেল ডেস্ক,১৯ অক্টোবৰ :গাজাবাসীক মানৱীয় সাহায্য প্ৰদান কৰিবলৈ আমেৰিকাই প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনৰ । তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে ইতিমধ্যে ইজিপ্তৰ ৰাষ্ট্ৰপতি অল-চিচিয়ে গাজাক মানৱীয় সাহায্য প্ৰদান কৰাৰ আমেৰিকাৰ প্ৰচেষ্টাত সহযোগিতা আগবঢ়াইছে । সাহায্য ভৰ্তি ২০ খন ট্ৰাকক ৰাফা সীমান্ত পাৰ হ'বলৈ ইতিমধ্যে ইজিপ্তৰ ৰাষ্ট্ৰপতিয়ে অনুমতি প্ৰদান কৰিছে । এয়াৰ ফৰ্চ ৱানত বিডেনে সাংবাদিকসকলক কয় যে তেওঁ ইজৰাইল ভ্ৰমণ কৰাৰ মুখ্য উদ্দেশ্য আছিল গাজাত মানৱীয় সাহায্য পোৱাটো নিশ্চিত কৰা । তেওঁ নিশ্চিত কৰিব বিচাৰিছিল যাতে মানৱীয় সাহায্য প্ৰদানৰ বাবে এক দ্ৰুত পৰিবহন ব্যৱস্থা স্থাপন কৰিব পাৰি ।
বিডেনে কয় যে ইজিপ্তৰ ৰাষ্ট্ৰপতিয়ে সীমান্তৰ ক্ৰছিং খুলিবলৈ সন্মত হৈছে আৰু ২০ খন ট্ৰাকৰ প্ৰাৰম্ভিক গোটটোক মানৱীয় সহায়ৰ সৈতে ভিতৰলৈ যাবলৈ দিছে । অৱশ্যে ৰাষ্ট্ৰপতিগৰাকীৰ মতে যদি হামাছে সাহায্য জব্দ কৰে তেনেহ'লে এই সাহায্য অভিযান বন্ধ কৰা হ'ব ।
হোৱাইট হাউচৰ বিষয়াসকলে কয় যে শুকুৰবাৰৰ পৰা সাহায্য সামগ্ৰী লাভ কৰিবলৈ সক্ষম হ'ব । ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত ভাঙি যোৱা সীমান্তৰ ওপৰৰ এটা পথ ইজিপ্তে মেৰামতি কৰিব লাগিব বুলিও বিষয়াসকলে উল্লেখ কৰে । উত্তৰ ছিনাইৰ ৰেড ক্ৰিছেণ্টৰ মুৰব্বী খালিদ জায়েদে কয় যে ২০০ তকৈও অধিক ট্ৰাক আৰু প্ৰায় ৩,০০০ টন সাহায্য ইজিপ্ত আৰু গাজাৰ একমাত্ৰ যোগাযোগ স্থল ৰাফা ক্ৰছিঙত ওচৰত আছে ।