ইণ্টাৰ নেশ্যনেল ডেস্ক: ইহুদী দৰ্শনাৰ্থীসকলক সুৰক্ষা প্ৰদানৰ বাবে ইজৰাইলী আৰক্ষীয়ে দেওবাৰে জেৰুজালেমৰ আল-আকছা মছজিদ চৌহদত প্ৰৱেশ কৰাৰ সময়তে পেলেষ্টাইনী লোকৰ সৈতে হোৱা সংঘৰ্ষত ১৭ জনকৈ পেলেষ্টাইনী আহত হয় (clashes erupt in jerusalem) ৷ এই তথ্য প্ৰকাশ কৰিছে পেলেষ্টাইনী চিকিৎসা বিভাগে । মন কৰিব লগীয়া যে, এবছৰৰ পূৰ্বে ইজৰাইলী নিৰাপত্তা বাহিনী আৰু পেলেষ্টাইনীৰ মাজত জেৰুজালেমত হোৱা এনেধৰণৰ সংঘৰ্ষই পিছলৈ ১১ দিনীয়া গাজা যুদ্ধলৈ পৰিণত হৈছিল (violence in jerusalem) ।
উল্লেখযোগ্য যে, হিলটপ কম্পাউণ্ড হৈছে ইছলামৰ তৃতীয় পৱিত্ৰ স্থান, আনহাতে ই ইহুদীসকলৰ বাবেও আটাইতকৈ পৱিত্ৰ স্থান ৷ যাক মাউণ্ট টেম্পল বুলি কোৱা হয় । এই স্থানৰ বাবেই এই পৰ্যন্ত দুয়োপক্ষৰ মাজত বহু সংঘাতৰ সৃষ্টি হৈছে । মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহ আৰু খ্ৰীষ্টানসকলৰ পবিত্ৰ সপ্তাহ আৰু ইহুদীসকলৰ বিশেষ সপ্তাহ একে সময়তে হয় ৷ আনহাতে, শেহতীয়াকৈ ক’ভিডকালীন নিষেধাজ্ঞাসমূহ শিথিল কৰাৰ বাবেও উক্ত স্থানত হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে ভিৰ কৰে ।
তাৎপৰ্যপূৰ্ণ কথা যে, ইজৰাইলী সৈন্যই পেলেষ্টাইনীসকলৰ বিৰুদ্ধে ধৰ্মীয় স্থান অপবিত্ৰ কৰাৰ অভিযোগ উত্থাপিত কৰাৰ বিপৰীতে পেলেষ্টাইনীসকলেও ইজৰাইলী সৈন্যৰ বিৰুদ্ধে ধৰ্মীয় স্থানত বিভাজন অনাৰ অভিযোগ উত্থাপন কৰিছে ৷ ঘটনা সন্দৰ্ভত পেলেষ্টাইৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ মুখপাত্ৰ নাবিল আবু ৰডেনেহে দাবী কৰিছে যে, যদি পৰিস্থিতি অধিক জটিল হয় তেন্তে ইয়াৰ দ্বায়িত্ব ইজৰাইল চৰকাৰেই ল’ব লাগিব ৷