অসম

assam

ETV Bharat / international

BRICS expansion : ব্ৰিকছৰ কলেৱৰ বৃদ্ধিৰ প্ৰয়াস; ইৰাণকে ধৰি ৬ নতুন দেশক যোগদানৰ বাবে আমন্ত্ৰণ - South African President Cyril Ramaphosa

সম্প্ৰসাৰণৰ প্ৰথম পৰ্যায়ৰ অংশ হিচাপে আৰ্জেণ্টিনা, ইজিপ্ত, ইথিওপিয়া, ইৰাণ, চৌদি আৰব আৰু ইউএইক ব্ৰিকছত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে । নতুন সদস্যপদ ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব ।

BRICS expansion
BRICS expansion

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 6:26 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ২৪ আগষ্ট : কলেৱৰ বৃদ্ধিৰ দিশে আগবাঢ়িছে ব্ৰিকছ । দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাই বৃহস্পতিবাৰে কয় যে সম্প্ৰসাৰণৰ প্ৰথম পৰ্যায়ৰ অংশ হিচাপে আৰ্জেণ্টিনা, ইজিপ্ত, ইথিওপিয়া, ইৰাণ, চৌদি আৰব আৰু ইউএইক ব্ৰিকছত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে । এই নতুন সদস্যপদ ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব ।

দক্ষিণ আফ্ৰিকাত এক যুটীয়া সংবাদমেল সম্বোধন কৰি ৰামাফোছাই কয়, "পাঁচখন ব্ৰিকছ দেশ হিচাপে আমি ব্ৰিকছ সম্প্ৰসাৰণ প্ৰক্ৰিয়াৰ নিৰ্দেশনামূলক নীতি, মানদণ্ড, চৰ্ত আৰু প্ৰক্ৰিয়াৰ ওপৰত এক চুক্তিত উপনীত হৈছোঁ, যিটো বিষয় বিগত কিছু দিনৰ পৰা আলোচনাত আছে ।"

"এই সম্প্ৰসাৰণ প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ত আমাৰ সহমত আছে আৰু অন্যান্য পৰ্যায় অনুসৰণ কৰা হ'ব ।" তেওঁ লগতে কয় । মন কৰিবলগীয়া যে প্ৰায় দুই ডজন দেশে আনুষ্ঠানিকভাৱে এই গ্ৰুপত যোগদান কৰিবলৈ আবেদন কৰিছিল । যিকেইখন দেশে বিশ্ব অৰ্থনীতিৰ এক চতুৰ্থাংশ আৰু তিনি বিলিয়নতকৈও অধিক লোকক প্ৰতিনিধিত্ব কৰে । ছয়খন নতুন দেশৰ আটাইকেইখনে চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভত (China’s Belt and Road Initiative, BRI)) যোগদান কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে । অৱশ্যে ভাৰত তাৰ অংশ হোৱা নাই ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ সন্মিলনৰ সফতাৰ বাবে ৰামাফোছাক অভিনন্দন জ্ঞাপন কৰে আৰু ব্ৰিকছ সদস্যপদ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতৰ সম্পূৰ্ণ সমৰ্থনৰ কথা দোহাৰে । "ভাৰতে সদায় বিশ্বাস কৰি আহিছে যে নতুন সদস্য যোগ দিয়াৰ ফলত ব্ৰিকছক এটা সংগঠন হিচাপে অধিক শক্তিশালী কৰা হ'ব আৰু ই আমাৰ অংশীদাৰী প্ৰচেষ্টাক এক নতুন গতি প্ৰদান কৰিব । ই বহুমেৰু বিশ্ব শৃংখলাত বহুতো দেশৰ বিশ্বাস শক্তিশালী কৰিব ।" প্ৰধানমন্ত্ৰী মোদীয়ে এক যুটীয়া প্ৰেছ বিবৃতিত কয় ।

তেওঁ লগতে বিশ্বাস ব্যক্ত কৰে যে নতুন সদস্যসকলৰ সৈতে ব্ৰিকছে ব্লকৰ সহযোগিতাত নতুন গতি আৰু নতুন শক্তি প্ৰদান কৰিবলৈ সক্ষম হ'ব । প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে নতুন ব্ৰিকছ সদস্যসকলৰ সৈতে ভাৰতৰ অতি গভীৰ আৰু ঐতিহাসিক সম্পৰ্ক আছে আৰু লগতে দ্বিপাক্ষিক সহযোগিতাত নতুন মাত্ৰা যোগ কৰা হ'ব ।

"ব্ৰিকছৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণ হৈছে এনে এক বাৰ্তা যে বিশ্বৰ সকলো প্ৰতিষ্ঠানে পৰিৱৰ্তনশীল সময় অনুসৰি নিজকে গঢ়ি তুলিব লাগিব । এইটো এটা বিংশ শতিকাত স্থাপিত অন্যান্য গোলকীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ এক উদাহৰণৰ পদক্ষেপ হ'ব পাৰে ।" প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে ।

এইটো উল্লেখনীয় যে চীনেই দক্ষিণ আফ্ৰিকা আৰু ৰাছিয়াৰ সমৰ্থিত ব্লকৰ সম্প্ৰসাৰণৰ বাবে জোৰ দি আহিছে । অৱশ্যে চীনৰ বৰ্ধিত প্ৰভাৱৰ বাবে নতুন দিল্লী ব্লক সম্প্ৰসাৰণৰ ক্ষেত্ৰত দ্বিধাগ্ৰস্ত আছিল আৰু লগতে ভাৰতে নিজকে বিশ্ব দক্ষিণৰ নেতা হিচাপে স্থান দিবলৈ আগবাঢ়ি আহিছে বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক :15 th BRICS summit : ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ মোদীৰ, আমেৰিকাৰ অৰ্থ ব্যৱস্থাক সমালোচনা চীনৰ

ABOUT THE AUTHOR

...view details