অসম

assam

By

Published : Jun 1, 2023, 12:03 PM IST

ETV Bharat / international

Military aid package for Ukraine : ইউক্ৰেইনলৈ আমেৰিকাৰ ৩০০ নিযুত ডলাৰৰ সামৰিক পেকেজ

ৰাছিয়াত শেহতীয়াকৈ মানৱ বিহীন বিমানৰ আক্ৰমণ চলিছে (Ukraine and Russia war)। অৱশ্যে ইয়াৰ দায়িত্ব ইউক্ৰেইন পক্ষই লোৱা নাই । আমেৰিকাই নতুনকৈ ইউক্ৰেইনলৈ প্ৰায় ৩০০ নিযুত ডলাৰৰ সামৰিক পেকেজত অনুমোদন জনাইছে ।

Military aid package for Ukraine
ইউক্ৰেইনলৈ আমেৰিকাৰ ৩০০ নিযুত ডলাৰৰ সামৰিক পেকেজ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১ জুন : ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ অব্যাহত আছে (Russia Ukraine war)। ইয়াৰ মাজতে ইউক্ৰেইনলৈ সামৰিক সাহায্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ । ৰাষ্ট্ৰপতি জ' বিডেনে ইউক্ৰেইনৰ বাবে সামৰিক সাহায্যৰ এটা নতুন পেকেজত অনুমোদন জনাইছে । প্ৰায় ৩০০ নিযুত ডলাৰৰ এই পেকেজত ড্ৰোণ আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰৰ লগতে অন্যান্য সামগ্ৰীও অন্তৰ্ভুক্ত আছে (US approves military aid package for Ukraine)।

ইফালে মস্কোত মানৱ বিহীন বিমানেৰে আক্ৰমণ অব্যাহত থকাৰ মাজতে ক্ৰেমলিনে ইউক্ৰেইনৰ ওপৰত বিভিন্ন অভিযোগ উত্থাপন কৰিছে । মস্কো আক্ৰমণত আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত ড্ৰোণ বা শস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল বুলিও অভিযোগ কৰা হৈছে । অৱশ্যে ইউক্ৰেইনে এই অভিযোগ অস্বীকাৰ কৰিছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে জনোৱা মতে মস্কো আক্ৰমণত আমেৰিকাত নিৰ্মিত ড্ৰোণ বা শস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল বুলি কোনো পৰামৰ্শ নাই । ইতিমধ্যে বিডেন প্ৰশাসনে স্পষ্ট কৰি দিছে যে ইউক্ৰেইনে যাতে আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত অস্ত্ৰসমূহ ৰাছিয়াৰ ভূখণ্ডৰ ভিতৰত আক্ৰমণৰ বাবে ব্যৱহাৰ নকৰে (US on Russia attack)।

হোৱাইট হাউচৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুখপাত্ৰ জন কাৰ্বিয়ে বুধবাৰে কয় যে তেওঁলোকে ইউক্ৰেইনক ক'ত আক্ৰমণ কৰিব লাগে কোৱা নাই বা ক'ত আক্ৰমণ কৰিব নালাগে সেয়াও কোৱা নাই । ৰাষ্ট্ৰপতি জেলেনস্কি আৰু তেওঁৰ সামৰিক কমাণ্ডাৰসকলেহে সামৰিক দৃষ্টিকোণৰ পৰা কি কৰিব সেয়া সিদ্ধান্ত লয় । আমেৰিকা যুক্তৰাষ্ট্ৰই ব্যক্তিগতভাৱে ইউক্ৰেনীয়সকলৰ সৈতে আছে যদিও ৰাছিয়াত আক্ৰমণ সমৰ্থন নকৰে । অৱশ্যে জেলেনস্কিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক আশ্বাস দিছে যে ইউক্ৰেনীয়সকলে সেই উদ্বেগবোৰক সন্মান কৰে ।

ইফালে আমেৰিকাৰ নতুন সামৰিক সাহায্য পেকেজটোৱে কিভৰ ওপৰত ৰাছিয়াৰ বিমান আক্ৰমণ প্ৰতিহত কৰিবলৈ ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । পেকেজটোত পেট্ৰিয়াট মিছাইল বেটাৰি আৰু হাই মোবিলিটি আৰ্টিলাৰী ৰকেট চিষ্টেম (হিমাৰ্ছ), এভেঞ্জাৰ আৰু ষ্টিংগাৰ এয়াৰ ডিফেন্স চিষ্টেম, মাইন-ক্লিয়াৰিং সঁজুলি, এণ্টি-আৰ্মৰ ৰাউণ্ড, জুনি বিমান ৰকেট, নাইট ভিজন গগলচ আৰু প্ৰায় ৩০ নিযুত ৰাউণ্ড সৰু অস্ত্ৰ গোলাবাৰুদ আৰু অন্যান্য আৰ্টিলাৰী ৰাউণ্ড অন্তৰ্ভুক্ত আছে (US military aid package to Ukraine)।

উল্লেখ্য যে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে যোৱা বছৰটোত ইউক্ৰেইনক বিভিন্ন ধৰণৰ মানৱবিহীন বিমান প্ৰদান কৰিছে । যাক নিৰীক্ষণ আৰু আক্ৰমণ দুয়োটাৰ বাবে ব্যৱহাৰ কৰিব পাৰি । শেহতীয়া সাহায্য পেকেজসহ আমেৰিকা যুক্তৰাষ্ট্ৰই ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়া আক্ৰমণৰ পাছত ইউক্ৰেইনলৈ ৩৭.৬ বিলিয়ন ডলাৰৰ অধিক অস্ত্ৰ আৰু অন্যান্য সঁজুলি প্ৰদান কৰিছে ।

লগতে পঢ়ক :Chinese Visa to Indians : জানুৱাৰীৰ পৰা ৬০ সহস্ৰাধিক ভাৰতীয়ক ভিছা প্ৰদান চীনৰ

ABOUT THE AUTHOR

...view details