অসম

assam

ETV Bharat / international

Pakistan political Crisis : পিটিআই নেত্ৰী তথা প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীক গ্ৰেপ্তাৰ - SC on Imran Khan arrests

পিটিআইৰ সভাপতি তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ লগতে দলটোৰ বহু জ্যেষ্ঠ নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (PTI leader arrested in Pakistan)। ইমৰাণ খানৰ গ্ৰেপ্তাৰক আদালতে অবৈধ ঘোষণা কৰাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পিটিআইৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী য়াছমিন ৰছিদক ।

Pakistan political Crisis
পিটিআই নেত্ৰী তথা প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীক গ্ৰেপ্তাৰ

By

Published : May 12, 2023, 2:19 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১২ মে':পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে ইজনৰ পাছত সিজন পিটিআই নেতাক গ্ৰেপ্তাৰ । শুকুৰবাৰে লাহোৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী য়াছমিন ৰছিদক (PTI leader Yasmin Rashid arrested)। লগে লগে ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফৰ নেতাসকলৰ বিৰুদ্ধে আক্ৰোশমূলক স্থিতি গ্ৰহণ কৰাৰ অভিযোগ উঠিছে ।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে ইছলামাবাদ উচ্চ ন্যায়ালয়ত হাজিৰ হোৱাৰ বাবে সাজু হোৱাৰ প্ৰাকক্ষণতে দলটোৰ আন এগৰাকী নেতাক গ্ৰেপ্তাৰৰ খবৰে এতিয়া দেশখনৰ ৰাজনৈতিক পৰিৱেশক অধিক উত্তাল কৰি তুলিছে । পাকিস্তান তেহৰিক-ই-ইনচাফ দলে টুইট কৰি আৰক্ষীক সমালোচনা কৰিছে (PTI slams Pakistan Police)।

পিটিআইৰ আইৰণ লেডী আখ্যা দি য়াছমিন ৰছিদক গ্ৰেপ্তাৰ কৰা হৈছে বুলি দলটোৱে উল্লেখ কৰে (Yasmin Rashid arrested)। দলটোৰ মতে এই ধৰণৰ গ্ৰেপ্তাৰৰ পাছত দলটোৱে আন্দোলন বন্ধ কৰিব বুলি ভাবিছে যদিও চৰকাৰৰ এই ধাৰণা ভুল । তেওঁলোকৰ মতে পাকিস্তান চিৰদিনৰ বাবে সলনি হৈছে । সকলো এতিয়া ইমৰাণ খান বুলিও দাবী কৰে দলটোৱে ।

ইয়াৰ পূৰ্বে, দলটোৰ জ্যেষ্ঠ নেতা তথা উপ-সভাপতি ড০ শ্ৰীন মাজাৰীক ইছলামাবাদ আৰক্ষীয়ে পুৱতি নিশা ফেডাৰেল ৰাজধানীত থকা তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ।বিষয়াসকলে জনোৱা মতে ইছলামাবাদ আৰক্ষীয়ে শ্ৰীন মাজাৰীৰ ঘৰত তালাচী চলাইছিল (Shireen Mazari arrested)। জিঅ' নিউজৰ বাতৰি অনুসৰি ইমৰাণ খান, চিনেটৰ এজাজ চৌধুৰী, আসাদ উমাৰ, ফাৱাদ চৌধুৰী, শ্বাহ মেহমুদ কুৰেছি আৰু আলী মহম্মদ খানকে ধৰি পিটিআইৰ জ্যেষ্ঠ নেতাসকলক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

অৱশ্যে ইয়াৰ মাজতে পাকিস্তান তেহৰিক-ই-ইনচাফ দলে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ সমীপত সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনাইছে । কিয়নো ইমৰাণ খানক শুকুবাৰে আদালতত হাজিৰ কৰোৱা হ'ব (Imran Khan at Islamabad Court)।

উল্লেখ্য যে পুৱাই সমগ্ৰ দেশৰ পৰা হাজাৰ হাজাৰ ইমৰাণ খানৰ সমৰ্থকে পাকিস্তানৰ শ্ৰীনগৰ ঘাইপথ জি-১৩ ইছলামাবাদত সমবেত হোৱা দেখা গৈছে । ইছলামাবাদ উচ্চ ন্যায়ালয়ত হাজিৰ হোৱাৰ পাছত অধ্যক্ষ ইমৰাণ খানে ৰাইজক সম্বোধন কৰিব বুলিও পিটিআই দলে টুইট কৰিছে ।

ইফালে, আইনী যুঁজৰ ক্ষেত্ৰত পিটিআইৰ বাবে এক বৃহৎ সফলতা দেখিবলৈ পোৱা গৈছে । আল-কাদিৰ ট্ৰাষ্ট গোচৰত দলটোৰ সভাপতি ইমৰাণ খানৰ গ্ৰেপ্তাৰ ১১ মে'ত উচ্চতম ন্যায়ালয়ে "অবৈধ" বুলি ঘোষণা কৰিছে আৰু কৰ্তৃপক্ষক তেওঁক তৎক্ষণাৎ মুক্তি দিবলৈ নিৰ্দেশ দিছে (SC on Imran Khan arrests)। শীৰ্ষ ন্যায়ালয়ে পিটিআইৰ মুৰব্বীজনক পুলিচ লাইনছ গেষ্ট হাউচলৈ প্ৰেৰণ কৰিছে যাতে তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে নিশা কটাব পাৰে । আদালতে ইমৰাণ খানক শুকুৰবাৰে ইছলামাবাদ উচ্চ ন্যায়ালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে । যিখন আদালতে পূৰ্বতে তেওঁৰ গ্ৰেপ্তাৰক আইনী বুলি ঘোষণা কৰিছিল ।

লগতে পঢ়ক :Big relief for Imran Khan : আজি IHC ত হাজিৰ হ’ব ইমৰাণ খান; খানৰ গ্ৰেপ্তাৰক বেআইনী ঘোষণা পাক উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details