ইণ্টাৰনেচনেল ডেস্ক, ৮ এপ্ৰিল : বৃহস্পতিবাৰে নিশা বাংলাদেশত সংঘটিত হয় এক অপ্ৰত্যাশিত ঘটনা । দেশখনৰ বান্দাৰবানৰ ৰোৱাংচাৰী উপজিলাত দুটা সশস্ত্ৰ গোটৰ মাজত হোৱা গুলীবৰ্ষণত আঠজন লোক নিহত হয় (8 killed in ethnic clashes in Bangladesh) । আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰিছে ঢাকা ট্ৰিবিউনে (Dhaka Tribune) । আৰক্ষীয়ে সন্দেহ কৰা মতে, এই সংঘৰ্ষত কুকি-চিন নেচনেল ফ্ৰণ্টৰ (কেএনএফ) সামৰিক শাখা ইউনাইটেড পিপ'লছ ডেমক্ৰেটিক ফ্ৰণ্ট (ডেমক্ৰেটিক) আৰু কুকি-চিন নেচনেল আৰ্মীৰ (Kuki Chin National Army) মাজত সংঘটিত হয় ।
ৰোৱাংছাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ'চি) আব্দুল মান্নানে প্ৰকাশ কৰা মতে, গুলীবিদ্ধ মৃতদেহবোৰ বান্দৰবান জিলা সদৰ চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰা হয় । মৰণোত্তৰ পৰীক্ষাৰ পিচত মৃতদেহবোৰ তেওঁলোকৰ পৰিয়ালক হস্তান্তৰ কৰা হ'ব বুলি ঢাকা ট্ৰিবিউনৰ বাতৰিত প্ৰকাশ । আনহাতে, স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে, তেওঁলোকে বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা শুকুৰবাৰে পুৱালৈকে এৰি এৰি গুলীবৰ্ষণৰ শব্দ শুনিছিল (gunfight in Bandarban Bangladesh) । তেওঁলোকে দাবী কৰে যে এই গুলীয়াগুলী কেএনএফ আৰু ইউনাইটেড পিপ'লছ ডেমক্ৰেটিক ফ্ৰণ্টৰ (ইউপিডিএফ-সংস্কাৰবাদী) মাজত সংঘটিত হয় (gunfight between KNF and UPDF in Bangladesh)।
তেওঁলোকে পৰিধান কৰি থকা কাপোৰ পৰিদৰ্শনৰ ওপৰত ভিত্তি কৰি নিহতসকল কেএনএফৰ সশস্ত্ৰ শাখা কুকি চিন নেচনেল আৰ্মীৰ (Kuki Chin National Army, KNA) সদস্য বুলি ধাৰণা কৰা হয় । সন্দেহ কৰা হৈছে যে বিৰোধী সশস্ত্ৰ গোটটোৱে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ লৈ আহিছিল, যাৰ বাবে এই নৰসংহাৰৰ ঘটনা ঘটে । আনহাতে, কেএনএফে এটা সামাজিক মাধ্যমৰ পোষ্টত দাবী কৰে যে গুলীয়াগুলীত মাত্ৰ সাতজন লোক নিহত হয় । তেওঁলোকে কোনো নাম উল্লেখ নকৰাকৈ ঘটনাটোৰ বাবে এটা সংস্কাৰবাদী গোটটোক দোষাৰোপ কৰা বুলিও ঢাকা ট্ৰিবিউনৰ বাতৰিত প্ৰকাশ ।