ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ এপ্ৰিল :বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মতে ছুডানৰ সংঘৰ্ষত এতিয়ালৈ প্ৰায় ৪১৩ গৰাকী লোকৰ মৃত্যু হৈছে (Sudan Conflict)। ৰাষ্ট্ৰসংঘৰ শিশু সংস্থাবোৰৰ মতে এই সংঘৰ্ষৰ ফলত শিশুসকল যথেষ্ট পৰিমাণে প্ৰভাৱিত হৈছে । এই সংঘৰ্ষত ৫০ তকৈও অধিক শিশু গুৰুতৰভাৱে আহত হোৱাৰ লগতে বহুতো শিশুৰ মৃত্যু হৈছে । বিশ্ব স্বাস্থ্য সংস্থাৰ মুখপাত্ৰ মাৰ্গাৰেট হেৰিছে কয় যে ছুডানৰ চৰকাৰী পৰিসংখ্যা অনুসৰি এই সংঘৰ্ষত ৪১৩ জন লোকৰ মৃত্যু হৈছে আৰু ৩,৫৫১ জন লোক আহত হৈছে (Death Toll Rise in Sudan)।
এই সংঘৰ্ষ আচলতে ক্ষমতাৰ বাবেই সংঘটিত হৈছে । সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ মাজত ক্ষমতাৰ যুঁজখন এতিয়াও অব্যাহত আছে (WHO on Sudan clash)। দুয়ো পক্ষই ইটোৱে সিটোৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব বিচাৰে । মাৰ্গাৰেট হেৰিছৰ মতে ১৫ এপ্ৰিলৰ পৰা ১১ টা স্বাস্থ্য কেন্দ্ৰত আক্ৰমণ কৰা হৈছে (Attack in health center in Sudan)। ছুডান চৰকাৰৰ মতে, ২০ টা স্বাস্থ্য কেন্দ্ৰৰ সেৱা বন্ধ কৰি দিয়া হৈছে । একে সময়তে, আন ১২ টা স্বাস্থ্য সেৱা কেন্দ্ৰও বন্ধ হোৱাৰ পথত আছে ।
সংবাদমেলত ইউনিচেফৰ মুখপাত্ৰ জেমছ এল্ডাৰে কয় যে এই সংঘৰ্ষই শিশুসকলৰ ওপৰত এক ধ্বংসাত্মক প্ৰভাৱ পেলাইছে (UNICEF expresses concern over Sudan clash)। এতিয়ালৈ ইউনিচেফৰ হাতত পৰা তথ্য অনুসৰি প্ৰায় ৯ টা শিশু নিহত হোৱাৰ লগতে ৫০ৰো অধিক শিশু আহত হৈছে । যেতিয়ালৈকে এই সংঘৰ্ষ অব্যাহত থাকিব, এই সংখ্যা বাঢ়ি গৈ থাকিব বুলিও উদ্বেগ প্ৰকাশ কৰে এল্ডাৰে ।
তেওঁ উল্লেখ কৰা মতে বহু লোক এতিয়াও আৱদ্ধ হৈ আছে আৰু বিদ্যুতৰ সুবিধাও সম্প্ৰতি নাই । লোকসকলে খাদ্য, পানী আৰু ঔষধৰ বাবে বাহিৰলৈ ওলাই যাবলৈ ভয় কৰিছে । তেওঁ কয় যে আটাইতকৈ বেছি উদ্বেগৰ কথাটো হ'ল যে চিকিৎসালয়বোৰত হোৱা আক্ৰমণ (Children in Sudan affected due to conflict)।