অসম

assam

Gunman shot dead in America : বন্দুকধাৰীৰ আক্ৰমণত পুনৰ আমেৰিকাত নিহত ৪ নিৰীহ

By

Published : Apr 11, 2023, 1:18 PM IST

আমেৰিকাৰ কেণ্টুকীৰ লুইচভিলৰ এটা বেংকত বন্দুকধাৰীৰ আক্ৰমণ (Gunman attack in a bank in America)। আক্ৰমণত ৪ জন লোক নিহত হোৱাৰ লগতে ৯ গৰাকী আহত হয় । আক্ৰমণকাৰীজন বেংকটোৰে কৰ্মচাৰী আছিল ।

Gunman shot dead in America
আমেৰিকাত পুনৰ গুলীচালনাৰ ঘটনা

ইণ্টাৰনেশ্যনেল ডেস্ক,১১ এপ্ৰিল :আমেৰিকাত পুনৰ গুলীচালনাৰ ঘটনা (America firing)। কেণ্টুকীৰ লুইচভিলৰ এটা বেংকত সংঘটিত এই গুলীচালনাত ৪ জন লোক নিহত হয় আৰু ৯ জন গুৰুতৰভাৱে আহত হয় (Gunman killed 4 civilian in America)। লুইভিল মেট্ৰ' আৰক্ষীৰ বিষয়া জেকুৱেলিন গৱিন ভিলাৰোৱেলে জনোৱা মতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আৰক্ষী বিষয়াসকলে বন্দুকধাৰীজনক গুলীয়াই হত্যা কৰে ।

আৰক্ষীয়ে জনোৱা মতে পুৱা আৰক্ষীৰ হাতলৈ এটা ফোন আহিছিল । তিনি মিনিটমানৰ ভিতৰতে আৰক্ষীৰ লোকসকল বেংকটোত উপস্থিত হয় । যাতে আৰু অধিক লোক নিহত নহয়, তাৰ বাবে আৰক্ষীয়ে ততালিকে বন্দুকধাৰীজনৰ বিৰুদ্ধে অভিযান চলায় । আৰক্ষীয়ে জনোৱা মতে আক্ৰমণকাৰীজনে বেংকত আক্ৰমণ কৰাৰ সময়ত লাইভ ষ্ট্ৰীমিং কৰি আছিল (Gunman attack in American Bank)।

আৰক্ষীয়ে জনোৱা মতে সন্দেহযুক্ত বন্দুকধাৰীজন ২৩ বছৰীয়া কনৰ ষ্টাৰ্জন আছিল (Gunman shot dead by America Police)। যিজনে অ'ল্ড নেশ্যনেল বেংকত ৰাইফল লৈ প্ৰৱেশ কৰিছিল আৰু গুলীচালনা আৰম্ভ কৰিছিল । আক্ৰমণকাৰীজন বেংকটোৰে কৰ্মচাৰী আছিল বুলিও আৰক্ষীয়ে জনাইছে ।

আক্ৰমণত নিহত চাৰিগৰাকী লোক ক্ৰমে ৪০ বছৰীয়া যোচুৱা বেৰিক, ৬৩ বছৰীয়া থমাছ ইলিয়ট, ৪৫ বছৰীয়া জুলিয়ানা ফাৰ্মাৰ আৰু ৬৪ বছৰীয়া জেমছ টুট । বন্দুকধাৰী যুৱকজনৰ আক্ৰমণত দুগৰাকী আৰক্ষী বিষয়া আৰু ৭ গৰাকী সাধাৰণ নাগৰিক আহত হয় । আহত লোকসকলক স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি আৰক্ষীয়ে জনাইছে । তিনিগৰাকী আহতক ইতিমধ্যে ঘৰলৈ যাব দিয়া হৈছে যদিও আন ৩ গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে (4 death in gunman attack)। তাৰ ভিতৰত এগৰাকী আৰক্ষী বিষয়াও আছে ।

আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে বন্দুকধাৰীজনৰ সৈতে হোৱা সংঘৰ্ষত লুইভিল মেট্ৰ' আৰক্ষীৰ বিষয়া এগৰাকীৰ মূৰত গুলী লাগে । গুলীবিদ্ধ ২৬ বছৰীয়া বিষয়া নিকোলাছ ৱিল্টক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তেওঁৰ মগজুৰ অস্ত্ৰোপচাৰ কৰা হয় । লুইভিলৰ মেয়ৰ ক্ৰেগ গ্ৰীণবাৰ্গেও ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে । ঘটনাটোত নিহত এগৰাকী লোক তেওঁৰ ভাল বন্ধু আছিল বুলিও তেওঁ উল্লেখ কৰে । এই ঘটনা গৰিহণা দিয়ে মেয়ৰগৰাকীয়ে ।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনেও ঘটনাক লৈ শোক প্ৰকাশ কৰিছে (Joe Biden reacts over gunman attack case)। আনহাতে, দেশখনত গুলীচালনাৰ ঘটনা বৃদ্ধি হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে । এই ক্ষেত্ৰত আৰক্ষী তথা প্ৰশাসনক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও ৰাষ্ট্ৰপতিগৰাকীয়ে আহ্বান জনাইছে । পৰৱৰ্তী সময়ত এই হিংসাত্মক কাৰ্যত যাতে প্ৰাণ হেৰুৱালগীয়া নহয়, তাৰ বাবেও প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :North Korea development : পাৰমাণৱিক শক্তি বৃদ্ধিৰ প্ৰতিশ্ৰুতি কিম জং উনৰ

ABOUT THE AUTHOR

...view details