অসম

assam

PM Modi on Yoga Day : ভাৰতৰ আহ্বানত ১৮০ খনতকৈও অধিক দেশ একত্ৰিত হোৱাটো ঐতিহাসিক

By

Published : Jun 21, 2023, 1:44 PM IST

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ মঞ্চত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক বাৰ্ষিক অনুষ্ঠান হিচাপে ঘোষণাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ ৯ বছৰ পিছত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ঐতিহাসিক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে যোগ দিৱসৰ নেতৃত্ব দিব ।

PM Modi on Yoga Day
PM Modi on Yoga Day

নিউজ ডেস্ক, ২১ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজিত এক ঐতিহাসিক অনুষ্ঠানত এক অনন্য যোগ সন্মিলনৰ নেতৃত্ব দিব । এই অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ শীৰ্ষ বিষয়া, ৰাষ্ট্ৰদূত আৰু সমগ্ৰ বিশ্বৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব । আনহাতে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এক ভিডিঅ' বাৰ্তাত মোদীয়ে কয়, "সন্ধিয়া প্ৰায় ৫.৩০ বজাত (ভাৰতীয় সময় অনুসৰি) মই ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ থকা যোগ অনুষ্ঠানত অংশগ্ৰহণ কৰিম ।"

লগতে তেওঁ কয়, ভাৰতৰ আহ্বানত বিশ্বৰ ১৮০ খনতকৈও অধিক দেশ একত্ৰিত হোৱাটো ঐতিহাসিক । ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তাৱ আগবঢ়োৱাৰ সময়ত অভিলেখসংখ্যক দেশে ইয়াৰ সমৰ্থন কৰিছিল । ইয়াৰ পূৰ্বে মোদীয়ে টুইট কৰি কয়, "মই নিউয়ৰ্ক চহৰত উপস্থিত হৈছোঁ । কাইলৈ ২১ জুনত বিভিন্ন নেতাৰ সৈতে বাৰ্তালাপ আৰু যোগ দিৱস উদযাপনকে ধৰি বিভিন্ন কাৰ্যসূচীৰ বাবে অপেক্ষা কৰি আছোঁ ।" উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাডেনৰ আমন্ত্ৰণত মোদী বৰ্তমান আমেৰিকা ভ্ৰমণৰ প্ৰথম পৰ্যায়ত নিউয়ৰ্কত আছে ।

আনহাতে, ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে পিটিআইক এক সাক্ষাৎকাৰত কয় যে এই বছৰৰ যোগ দিৱসৰ অনুষ্ঠানটো এটা অতি 'অনন্য অনুষ্ঠান' হ'ব । কিয়নো প্ৰধানমন্ত্ৰী মোদীয়েহে এই দৃষ্টিভংগী প্ৰদান কৰিছিল আৰু তেওঁৰ নেতৃত্বই নিশ্চিত কৰিছিল যে প্ৰতিবছৰে ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰা হয় ।

সেয়েহে প্ৰায় ৯ বছৰৰ পিছত ৰাষ্ট্ৰসংঘত এই দৃষ্টিভংগী উপস্থাপন কৰাৰ সুযোগ আহিছে বুলি কম্বোজে কয় । তেওঁ লগতে কয় যে বৰ্তমান যোগ দিৱস ৰাষ্ট্ৰসংঘৰ এক অপৰিহাৰ্য অনুষ্ঠান । তেওঁ কয়, "গতিকে দূৰদৰ্শী নেতা আৰু ৰাষ্ট্ৰসংঘ দুয়োৰে একত্ৰিত হোৱাটো নিজেই এক অতি অনন্য ঘটনা ।" তেওঁ কয় যে যোগ কাৰ্যসূচীক লৈ বিশ্বৰ যথেষ্ট উৎসাহ আছে । "আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট উৎসাহ আছে । ইয়াৰ বিষয়ে যথেষ্ট আগ্ৰহ আছে । মই ক'ম, প্ৰাচীন ভাৰতীয় যোগাভ্যাসে সকলো সীমা অতিক্ৰম কৰিছে আৰু ই এক বিশ্বজনীন পৰিঘটনা হৈ পৰিছে ।" কম্বোজে কয় ।

আনহাতে, কম্বোজে সংযোগ কৰে যে মঞ্চত যোগ কৰা শিশুসকল অতি অনন্য হ'ব । গতিকে সামগ্ৰিকভাৱে মই ভাবোঁ যে এইটো এক ধৰণৰ অনন্য ঘটনা হ'ব । ইফালে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে যোগ দিৱসৰ বাৰ্তাত কয় যে যোগে আমাক একত্ৰিত কৰিছে । ই শৰীৰ আৰু মন, মানৱতা আৰু প্ৰকৃতি আৰু সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক একত্ৰিত কৰে, যাৰ বাবে ই শক্তি, সম্প্ৰীতি আৰু শান্তিৰ উৎস । তেওঁ কয় ।

উল্লেখ্য, এই যোগ অনুষ্ঠান ২১ জুনৰ পুৱা ৮ বজাৰ পৰা ৯ বজালৈকে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ বিশাল উত্তৰ বাগিচাত অনুষ্ঠিত হ'ব । তাত বিগত বছৰ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতিত্বত ভাৰতে ৰাষ্ট্ৰসংঘক উপহাৰ হিচাপে দিয়া মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল । প্ৰধানমন্ত্ৰী মোদীয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি কৰিব ।

লগতে পঢ়ক :International Yoga Day: দেশজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

ABOUT THE AUTHOR

...view details