অসম

assam

ETV Bharat / international

Shahid Lateef shoot dead : দুৰ্বৃত্তৰ গুলীত নিহত পাঠানকোট আক্ৰমণৰ মাষ্টাৰমাইণ্ড শ্বাহিদ লতিফ - গুলীত নিহত পাঠানকোট আক্ৰমণৰ মাষ্টাৰমাইণ্ড

2016 চনৰ 2 জানুৱাৰীত সংঘটিত হোৱা পাঠানকোট আক্ৰমণৰ মাষ্টাৰমাইণ্ড শ্বাহিদ লতিফক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই ৷ 41 বছৰীয়া শ্বাহিদ ভাৰতৰ অন্যতম ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী আৰু নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ (জেএম) ৰ সক্ৰিয় সদস্য । মছজিদত আক্ৰমণ কৰে লতিফক ৷ আক্ৰমণৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷

Shahid Lateef shoot dead
পাঠানকোট আক্ৰমণৰ মাষ্টাৰমাইণ্ড শ্বাহিদ লতিফ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 1:49 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 11 অক্টোবৰ:দুৰ্বৃত্তৰ আক্ৰমণত নিহত হ’লজইছ সন্ত্ৰাসবাদী তথা পাঠানকোট আক্ৰমণৰ মাষ্টাৰমাইণ্ড শ্বাহিদ লতিফ ৷পাকিস্তানৰ শিয়ালকোটত অজ্ঞাত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে জইছ সন্ত্ৰাসবাদী লতিফক । 41 বছৰীয়া শ্বাহিদ ভাৰতৰ অন্যতম ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী হোৱাৰ লগতে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ (জেএম) ৰ সক্ৰিয় সদস্য । ভাৰত চৰকাৰে সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা শ্বাহিদ ভাৰতত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA)ৰ অধীনত গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছিল ।

বিষয়া সূত্ৰই জনোৱা মতে, 2016 চনত ভাৰতত পাঠানকোট আক্ৰমণৰ আঁৰৰ মূল ষড়যন্ত্ৰকাৰী শ্বাহিদে শিয়ালকোটত অৱস্থিত ঘাটিৰে চাৰিজন জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক পাঠানকোটলৈ নমাই আক্ৰমণ পৰিকল্পনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । 1994 চনত UAPAৰ অধীনত সন্ত্ৰাসবাদৰ অভিযোগত ভাৰতত গ্ৰেপ্তাৰ কৰা হয় শ্বাহিদক, আৰু 2010 চনত পাকিস্তানলৈ বিতাড়িত কৰাৰ পূৰ্বে তেওঁৰ বিচাৰ চলোৱা হয় কাৰাৰুদ্ধ কৰা হয় ।

আক্ৰমণৰ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, শিয়ালকোটৰ বাহিৰৰ অঞ্চলৰ মছজিদত শ্বাহিদ লতিফক গুৰুতৰভাৱে আক্ৰমণ কৰা হয় । দুৰ্বৃত্তৰ এই নৃশংস আক্ৰমণৰ তাৎক্ষণিক কাৰণ বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই । মটৰ চাইকেলেৰে ঘটনাস্থলীৰ পৰা আক্ৰমণকাৰীয়ে পলায়ন কৰে বুলি জানিব পৰা গৈছে ।

পাঠানকোট আক্ৰমণ কি?

2016 চনৰ 2 জানুৱাৰীত ভাৰতীয় বায়ুসেনাৰ পশ্চিম বায়ুসেনাৰ অধীনত থকা পাথানকোট বিমান ঘাটিত জইছ-ই-মহম্মদৰ উগ্ৰপন্থীয়ে আক্ৰমণ চলায় । বন্দুকৰ যুদ্ধ আৰু কম্বিং অভিযান নিশ্চিত কৰাত পাঁচজনতকৈ অধিক সন্ত্ৰাসবাদী আৰু তিনিজন নিৰাপত্তাৰক্ষী নিহত হয় । ভাৰতীয় সেনাৰ পোচাক পিন্ধি আক্ৰমণকাৰীসকল আহিছিল আৰু এই ঘটনাই ভাৰত-পাকিস্তানৰ সম্পৰ্কত অধিক উত্তেজনাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিল ।

লগতে পঢ়ক:Amartya Sen is alive: বাবা কুশলে আছে; অমৰ্ত্য সেনৰ মৃত্যুৰ বাতৰিক লৈ কন্যাৰ টুইট

ABOUT THE AUTHOR

...view details