ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: বৃহস্পতিবাৰে বিয়লি ইজৰাইলৰ গাজা ষ্ট্ৰিপৰ পৰা সন্ত্ৰাসবাদী গোটে নিক্ষেপ কৰা ৰকেট দেশখনৰ দক্ষিণত অৱতৰণ কৰে বুলি ইজৰাইল সামৰিক বাহিনীয়ে জনাইছে । ইয়াৰ প্ৰত্যুত্তৰত শুকুৰবাৰে পুৱতি নিশা ইজৰাইল সেনাৰ বিমানেও গাজাৰ সন্ত্ৰাসবাদী গোট হামাচক আক্ৰমণ কৰে । সন্ত্ৰাসবাদী গোটটোৱে অস্ত্ৰ নিৰ্মাণ কাৰখানা, অবৈধ চোৰাং অস্ত্ৰ সৰবৰাহৰ বাবে সুৰংগ আৰু প্ৰশিক্ষণ কেন্দ্ৰ আৰু সামৰিক বাহিনীক লক্ষ্য কৰি কৰি আক্ৰমণ কৰিছিল ।
দক্ষিণ ইজৰাইলত সন্ত্ৰাসবাদীৰ ৰকেট আক্ৰমণ - সন্ত্ৰাসবাদী গোট হামাস
ইজৰাইলৰ গাজা ষ্ট্ৰিপত আক্ৰমণ সন্ত্ৰাসবাদী গোট হামাচৰ । প্ৰত্যুত্তৰত শুকুৰবাৰে পুৱতি নিশা ইজৰাইল সেনাৰ বিমানেও গাজাৰ সন্ত্ৰাসবাদী গোট হামাচক আক্ৰমণ কৰে ।
দক্ষিণ ইজৰাইলত সন্ত্ৰাসবাদীৰ ৰকেট আক্ৰমণ
অৱশ্যে ইয়াৰ ফলত কোনো হতাহত হোৱাৰ খবৰ লাভ কৰা হোৱা নাই । এতিয়ালৈ কোনো পেলেস্তাইনী গোটে এই ৰকেট ফায়াৰৰ দায়িত্ব স্বীকাৰ কৰা নাই । কিন্তু ইজৰাইল সামৰিক বাহিনীয়ে সন্ত্ৰাসবাদী গোট হামাচে এই আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰে ।
লগতে পঢ়ক: ছেপ্তেম্বৰত আফগানিস্তান ত্যাগ কৰিব অষ্ট্ৰেলিয়াৰ সেনাই