অসম

assam

ETV Bharat / international

কোভিড 19: বিশ্বৰ সামগ্ৰিক তথ্য

সমগ্ৰ বিশ্বত বৰ্তমান 8,02,59,245 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে মহামাৰী কৰ’ণাৰ অৱস্থিতি ৷ ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে 17,58,759 গৰাকী লোকে ৷

By

Published : Dec 26, 2020, 6:16 PM IST

Global Covid 19 tracker etv bharat news
কোভিড 19: বিশ্বৰ সামগ্ৰিক তথ্য

হায়দৰাবাদ,26 ডিচেম্বৰ:বৰ্তমান 8,02,59,245 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে মহামাৰী কৰ’ণাৰ অৱস্থিতি ৷ ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে 17,58,759 গৰাকী লোকে ৷ 5,65,21,955 গৰাকী আক্ৰান্ত লোকে সম্প্ৰতি আৰোগ্য লাভ কৰিছে ৷

কোভিড 19: বিশ্বৰ সামগ্ৰিক তথ্য

সমগ্ৰ বিশ্বৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 1,92,10,166 গৰাকী লোক কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে 3,38,263 গৰাকী লোকৰ মৃত্যু ঘটিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ফ্ল’ৰিডাত বৰদিনৰ পৰিপ্ৰেক্ষিতত পুনৰায় লক ডাউন ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ইফালে ফ্ৰান্সত কৰ’ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইনত আক্ৰান্ত এগৰাকী ৰোগীক চিনাক্ত কৰা হৈছে ৷ ফ্ৰান্সৰ সংবাদপত্ৰত এই কথা প্ৰকাশ পাইছে ৷ ব্যক্তিগৰাকী ফ্ৰান্সৰ বাসিন্দা যদিও কিছুদিনপূৰ্বে বৃটেইনৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে ৷

বেইজিঙতো পোৱা গৈছে কৰ’ণাৰ নতুন ষ্ট্ৰেইনত আক্ৰান্ত দুগৰাকী ব্যক্তি ৷ শনিবাৰে চীনা চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰে এই তথ্য ৷

লগতে চাওকঃসুৰ পালে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কবিতাই

ABOUT THE AUTHOR

...view details