ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ মাৰ্চ:ইজিপ্তৰ ৰাজধানী চহৰ কাইৰোত শোকাৱহ দুৰ্ঘটনা ।শনিবাৰে ৰাজধানী চহৰত এটা ৯ মহলীয়া অট্টালিকা খহি পৰি মৃত্যু হয় পাঁচগৰাকীকৈ লোকৰ । জানিব পৰা মতে, এই দুৰ্ঘটনাত প্ৰায় ২৪ জনৰো অধিক লোক আহত হয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয় । কাইৰোৰ প্ৰশাসনিক মুৰব্বী খালিদ আব্দেল-আলে জনোৱা মতে অট্টালিকাটো নিৰ্মাণত বিসংগতি থকাৰ বাবেই খহি পৰে । তেওঁ লগতে উল্লেখ কৰে যে ওচৰৰ অট্টালিকাসমূহৰ গাঁথনিগত পৰীক্ষণৰ বাবে ইতিমধ্যে অভিযান্ত্ৰিক সমিতি গঠন কৰা হৈছে ।
অট্টালিকাটো খহি পৰাৰ ফলত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে । ইতিমধ্যে অট্টালিকাৰ ধ্বংসাৱশেষ আঁতৰাবলৈ বুলড'জাৰ ব্যৱহাৰ কৰিছে শ্ৰমিকসকলে । ইফালে ইজিপ্তত এইধৰণৰ ঘটনা নতুন নহয়, দুৰ্বল নিৰ্মাণ কাৰ্যৰ বাবে বিভিন্ন সময়ত অনুৰূপ ঘটনা সংঘটিত হোৱা দেখা যায় চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলত ।