আফগান বোমা বিস্ফোৰণ, নিহত 34 জন লোক - বিস্ফোৰণ
বুধবাৰে ৰাতিপুৱাৰ ভাগত আফগানিস্তানত সংঘটিত হোৱা এক বোমা বিস্ফোৰণত 34 জনকৈ লোক নিহত হয় ৷ মঙলবাৰে দেশখনৰ কান্দাহাৰতো সংঘটিত হৈছিল এক আত্মঘাতী আক্ৰমণ যাৰ ফলত 3 জন শিশু নিহত হোৱাৰ লগতে 23 জনকৈ লোক আহত হৈছিল ৷
নিউজ ডেস্ক, 31 জুলাইঃ আফগানিস্তানৰ কাবুল চহৰত সংঘটিত হোৱা এক বোমা বিস্ফোৰণত 34 জনকৈ লোক নিহত হয় ৷ বুধবাৰে ৰাতিপুৱা চহৰখনৰ হেৰাট-কান্দাহাৰ ঘাইপথত সংঘটিত হোৱা বিস্ফোৰণটোত শিশু আৰু মহিলাকে ধৰি সৰ্বমুঠ 34 জনকৈ লোক নিহত হৈছে ৷ উল্লেখ্য যে, মঙলবাৰেও দেশখনৰ কান্দাহাৰ চহৰৰ এখন বজাৰত সংঘটিত হৈছিল এক আত্মঘাতী বোমা বিস্ফোৰণ ৷ এই বিস্ফোৰণৰ ফলত তিনিগৰাকী শিশু নিহত হোৱাৰ লগতে আহত হৈছিল 23 জন অসামৰিক লোক ৷ আনহাতে বুধবাৰে সংঘটিত হোৱা বিস্ফোৰণটো তালিবানৰ দ্বাৰা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আফগান সেনাই ৷