অসম

assam

ETV Bharat / international

বৃটেইনত এপ্ৰিলৰ পাছত সৰ্বাধিক কৰ‘ণাত আক্ৰান্তৰ মৃত্যু ! - বৰিছ জনচন

বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনচনে ১৯ ডিচেম্বৰত প্ৰথম কৰ‘ণাৰ ‘নতুন ধৰণ’ৰ সংক্ৰমণৰ তথ্য পোহৰলৈ অহাৰ কথা ঘোষণা কৰিছিল ৷ যাক প্ৰায় 70 শতাংশ অধিক সংক্ৰমণাত্মক হিচাপে জনা গৈছে।

uk-reports-highest-daily-covid-19-deaths-since-april
বৃটেইনত এপ্ৰিলৰ পাছত সৰ্বাধিক কৰ‘ণাত আক্ৰান্তৰ মৃত্যু !

By

Published : Dec 24, 2020, 6:08 PM IST

নিউজ ডেস্ক, 24 ডিচেম্বৰ : ব্ৰিটেইনত ক'ৰণা ভাইৰাছৰ দ্বিতীয় নতুন প্ৰকাৰৰ আৱিষ্কাৰ হৈছে ৷ ইয়াৰ পাছতে এপ্ৰিলৰ পিছৰ পৰা সৰ্বাধিক সংখ্যক এদিনত ক‘ভিড-19ত মৃত্যুৰ তথ্য পোহৰলৈ আহিছে৷

চৰকাৰী তথ্য অনুসৰি, বৃটেইনত বুধবাৰে ৭৪৪ জন এই নতুন প্ৰকাৰৰ কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৷ যাৰ ফলত সামগ্ৰিকভাৱে মৃত্যুৰ সংখ্যা ৬৯,১৫৭ লৈ বৃদ্ধি পাইছে ৷

আন 39,237 জন লোকৰ শৰীৰত ভাইৰাছটোৰ অৱস্থিতি ধৰা পৰিছে ৷ দেশত কৰ‘ণা মহামাৰী আৰম্ভ হোৱাৰ পিছত এয়া দৈনিক হিচাপত সৰ্বাধিক বৃদ্ধি ৷ যিয়ে বৃটেইনত সামগ্ৰিক কৰ‘ণাত আক্ৰান্তৰ সংখ্যা 2,155,996 লৈ বৃদ্ধি কৰিছে ৷

উল্লেখ্য যে, বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনচনে ১৯ ডিচেম্বৰত প্ৰথম কৰ‘ণাৰ ‘নতুন ধৰণ’ৰ সংক্ৰমণৰ তথ্য পোহৰলৈ অহাৰ কথা ঘোষণা কৰিছিল ৷ যাক প্ৰায় 70 শতাংশ অধিক সংক্ৰমণাত্মক হিচাপে জনা গৈছে ।

আনহাতে বৃটেইনত কৰ’ণা ভাইৰাছৰ ‘নতুন ধৰণ’ৰ সংক্ৰমণৰ তথ্য পোহৰলৈ অহাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে যোৱা সোমবাৰে বৃটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমানৰ সেৱা বাতিল কৰাৰ কথা ঘোষণা কৰিছে ।

নতুন ধৰণৰ কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ খবৰ পোৱাৰ পিছতে ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় । ভাৰতে বৃটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমান সেৱাও অহা ৩১ ডিচেম্বৰলৈকে বাতিল কৰি দিয়া হৈছে ।

লগতে পঢ়ক: প্ৰাক্তন প্ৰচাৰ অভিযান অধ্যক্ষ পল মানাফ’ৰ্টক ক্ষমা প্ৰদান ড’নাল্ড ট্ৰাম্পৰ

ABOUT THE AUTHOR

...view details