অসম

assam

ETV Bharat / international

নীৰৱ মোডীৰ ন্যায়িক জিম্মাৰ ম্যাদ 19 চেপ্তেম্বৰলৈ বৃদ্ধি

ল্লেখযোগ্য যে, তেওঁৰ বিৰুদ্ধে তথা সাক্ষী তথা প্ৰমাণৰ লগত হেৰফেৰ কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি আদালতে নাকচ কৰিছিল তেওঁৰ দ্বিতীয়খন জামিন আবেদন ৷

নীৰৱ মোডীৰ ন্যায়িক জিম্মাৰ ম্যাদ 19 চেপ্তেম্বৰলৈ বৃদ্ধি

By

Published : Aug 22, 2019, 10:59 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 22 আগষ্টঃ লণ্ডনৰ ৱেষ্টমিনষ্টাৰ মেজিষ্ট্ৰেট আদালতে হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ ন্যায়িক জিম্মাৰ ম্যাদ 19 চেপ্তেম্বৰলৈ বৃদ্ধি কৰে ৷ পঞ্জাৱ নেশ্বনেল বেংকত প্ৰায় 13,500 কোটি টকাৰ জালিয়াতি কাণ্ডত অভিযুক্ত হৈ আছে নীৰৱ মোডী ৷ জালিয়াতি কাণ্ড সংঘটিত কৰি ভাৰতৰ পৰা পলায়ন কৰিছিল কাণ্ডটোৰ মূল অভিযুক্ত তথা গুজৰাটৰ হীৰা ব্যৱসায়ী নীৰৱ মোডী ৷ বৃহস্পতিবাৰে লণ্ডনৰ এখন আদালতে প্ৰদান কৰে এই নিৰ্দেশনা ৷
উল্লেখযোগ্য যে, তেওঁৰ বিৰুদ্ধে তথা সাক্ষী তথা প্ৰমাণৰ লগত হেৰফেৰ কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি আদালতে নাকচ কৰিছিল তেওঁৰ দ্বিতীয়খন জামিন আবেদন ৷ 2018 চনৰ মে’ মাহত ভাৰতৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰে নীৰৱ মোডী তথা এই কাণ্ডটোৰ আন এক অভিযুক্ত মেহুল সক্সিৰ বিৰুদ্ধে জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল ৷ ইয়াৰ পাচতে 19 মাৰ্চত লণ্ডনত আটক হৈছিল নীৰৱ মোডী ৷ ইয়াৰ পূৰ্বে 21 মাৰ্চত আদালতে নাকচ কৰিছিল নীৰৱ মোডীৰ প্ৰথম খন জামিন আবেদন ৷

ABOUT THE AUTHOR

...view details