অসম

assam

ETV Bharat / international

G7 শীৰ্ষ সন্মিলনঃ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ - এন্টনিঅ’ গুটাৰ্চ

G7 শীৰ্ষ সন্মিলনত দেওবাৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ’ গুটাৰ্চক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই সাক্ষাৎ ফলপ্ৰসূ হোৱা বুলি এক টুইট যোগে জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

G7 শীৰ্ষ সন্মিলনঃ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানক সাক্ষাত প্ৰধানমন্ত্ৰী মোডীৰ

By

Published : Aug 26, 2019, 9:10 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 26 আগষ্টঃ ফ্ৰাঞ্চৰ চহৰ বিয়াহিট্জ অনুষ্ঠিত হোৱা G7 শীৰ্ষ সন্মিলনত দেওবাৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ’ গুটাৰ্চক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই সাক্ষাৎ ফলপ্ৰসূ হোৱা বুলি এক টুইট যোগে জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

G7 শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী গৰাকীয়ে পৰিবেশ, জলবায়ু, মহাসাগৰ, ডিজিটেল ৰূপান্তৰ আদিৰ দিশত বক্তৃতা দিব বুলি আশা কৰা হৈছে ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহনকাৰী দেশকেইখনৰ শীৰ্ষ নেতাসকলৰ লগত দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব ৷ এই বৈঠকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ লগত কাশ্মীৰক লৈ আলোচনা কৰা কথা আছে৷

উল্লেখযোগ্য যে, ভাৰত G7 দেশত অন্তৰ্ভুক্ত নহয় যদিও ভাৰতক এই সন্মিলনত অংশগ্ৰহন কৰিবলৈ আমন্ত্ৰন জনাইছিল ফ্ৰাঞ্চে ৷

ABOUT THE AUTHOR

...view details