অসম

assam

ETV Bharat / international

পোলেণ্ডলৈ সাময়িকভাৱে স্থানান্তৰ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাস - ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাত

অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাত (Russia Ukraine conflict) ৷ এই সংঘাতৰ বাবেই পোলেণ্ডলৈ স্থানান্তৰিত কৰা হ’ল ইউক্ৰেইন স্থিত ভাৰতীয় দূতাবাস (Indian Embassy in Ukraine shifted to Poland) ৷

Russia Ukraine conflict
Russia Ukraine conflict

By

Published : Mar 13, 2022, 7:41 PM IST

নিউজ ডেস্ক, 13 মাৰ্চ : পোলেণ্ডলৈ স্থানান্তৰিত কৰা হ’ল ইউক্ৰেইন স্থিত ভাৰতীয় দূতাবাস (Indian Embassy in Ukraine shifted to Poland) ৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত থকা সংঘাতৰ (Russia Ukraine conflict) বাবেই সাময়িকভাৱে এই স্থিতি গ্ৰহণ কৰা হৈছে বুলি জনাইছে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে ৷

এক বিবৃতিত বিদেশ মন্ত্ৰণালয়ে কয় যে, ইউক্ৰেইনৰ নিৰাপত্তাজনিত পৰিস্থিতি দ্ৰুতগতিত অৱনতি ঘটাৰ বাবে আৰু দেশখনৰ পশ্চিম প্ৰান্ততো আক্ৰমণ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত (Russia attack Ukraine) সাময়িকভাৱে ইউক্ৰেইনস্থিত ভাৰতীয় দূতাবাস পোলেণ্ডলৈ স্থানান্তৰ কৰা হৈছে ৷

পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতি সাপেক্ষে এই বিষয়ে পুনৰ বিবেচনা কৰা হ’ব ৷

এদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ নিৰাপত্তা দিশটোৰ সতৰ্কতা সন্দৰ্ভত এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ শেহতীয়া তথ্য, অপাৰেশ্যন গংগাৰ সামগ্ৰিক তথ্যৰ বিৱৰণ দিয়ে ৷ অপাৰেশ্যন গংগাৰ জৰিয়তে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰতৰ লগতে চুবুৰীয়া দেশৰ নাগৰিকক উদ্ধাৰ কৰা হৈছে ৷

লগতে পঢ়ক :21 টা হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ 71 বছৰীয়া কৃষক

ABOUT THE AUTHOR

...view details